ETV Bharat / city

ৰাকেশ পাল আৰু নন্দবাবু সিনহালৈ শৰ্মা আয়োগৰ জাননী - ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগ

বৃহস্পতিবাৰে ই টিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ন্যায়াধীশ বি কে শৰ্মাই কয় যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ অন্য এক বিসংগতিৰ উত্তৰ বিচাৰি তদন্ত আয়োগে কাৰাবন্দী প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহালৈ জাননী জাৰি কৰিছে (Justice B K Sarma commission)৷

Etv Bharat
Etv Bharat
author img

By

Published : Aug 25, 2022, 10:02 PM IST

নিউজ ডেস্ক, 25 আগষ্ট: অসম লোকসেৱা আয়োগৰ বহু বিৰ্তিকত তথা কাৰাবন্দী প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহালৈ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে (Justice B K Sarma commission) ৷ 15 দিনৰ ভিতৰত দুয়োজনকে ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ জেলতেই এই জাননী লাভ কৰিছে বিতৰ্কিত ৰাকেশ পালে (Rakesh Paul in Jail) ৷

ই টিভি ভাৰতৰ সৈতে বৃহস্পতিবাৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত ন্যায়াধীশ বি কে শৰ্মাই কয় যে, ব্যক্তিগত কাৰণত তেওঁ সম্প্ৰতি দিল্লীত আছে যদিও তেওঁৰ নিৰ্দেশ মৰ্মে আয়োগৰ ফালৰ পৰা আজি ৰাকেশ পাল আৰু নন্দবাবু সিনহালৈ এই জাননী প্ৰেৰণ কৰা হৈছে ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ঠিকনাতেই ৰাকেশ পাললৈ এই জাননী পঠিওৱা হৈছে ৷ 2014 চনত অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ সময়ত অধ্যক্ষ পদত আছিল ৰাকেশ পাল (Sarma commission noticed to Rakesh Paul) আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল নন্দবাবু সিনহা ৷

লগতে পঢ়ক: দুগৰাকী মাতৃৰ মৃত্যুৰ জীয়া কাহিনী

কিন্তু সেই পৰীক্ষাত নন্দবাবু সিনহাৰ জীয়াৰী প্ৰাৰ্থী হিচাপে থকাত আয়োগৰ অধ্যক্ষ ৰাকেশ পালে সিনহাক পৰীক্ষা নিয়ন্ত্ৰকৰ পদৰ পৰা অব্যাহতি দি তেওঁৰ স্থলাভিসিক্ত কৰে বিভা শৰ্মাক (APSC scam in Assam) ৷

ৰাকেশ পাল আৰু নন্দবাবু সিনহালৈ শৰ্মা আয়োগৰ জাননী

কিন্তু APSC ত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তদন্ত কৰি থকা ন্যায়াধীশ বি কে শৰ্মাৰ আয়োগে ধৰা পেলাইছে কেতবোৰ ভয়ংকৰ তথ্য (Probe on APSC scam) ৷ সেই অনুসৰি, তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ নিৰ্দেশৰ পাচতো বিভা শৰ্মাক কেৱল পৰীক্ষা নিয়ন্ত্ৰকৰ চকীত বহুৱাই কাম-কাজবোৰ চলাই গৈছিল নন্দবাবু সিনহাই ৷ কাৰণ পৰীক্ষা সম্বন্ধীয় বহু নথি-পত্ৰত পোৱা গৈছে সিনহাৰ হস্তাক্ষৰ ৷

সেই পৰীক্ষাত নন্দবাবু সিনহাৰ জীয়াৰী উত্তীৰ্ণ হোৱাত বিষয়টোৱে অন্য এক গুৰুত্ব বহন কৰিছে ৷ তাৰোপৰি APSC ৰ কাৰ্যালয়ৰ চৌহদত প্ৰায় 5000 উত্তৰবহী জ্বলাই দিয়াৰ ঘটনাতো ৰাকেশ পাল আৰু নন্দবাবু সিনহা জড়িত থকাৰ কথা ইতিমধ্যেই স্পষ্ট হৈছে ৷ এতিয়া বি কে শৰ্মা আয়োগৰ জাননী সন্দৰ্ভত কি উত্তৰ আহে সেয়া অৱশ্যেই লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক: চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.