ETV Bharat / city

Nitumoni Saikia controversy: সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে নিতুমণি শইকীয়াই - আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন

কিছুদিন পূৰ্বে সাংবাদিক নিতুমণি শইকীয়াৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনি আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনোৱাৰ কথা সদৰি কৰিছিল (Nitumoni Saikia divorce controversy)। লগতে পত্নীয়ে তেওঁৰ অগাধ সম্পত্তি সন্দৰ্ভতো কেতবোৰ অভিযোগ আনিছিল । ইয়াৰ পাছতে সাংবাদিকগৰাকী সামাজিক মাধ্যমত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আজি সংবাদমেল যোগে নিজৰ স্থিতি স্পষ্ট কৰে ।

Nitumoni Saikia controversy
Nitumoni Saikia controversy
author img

By

Published : Jul 28, 2022, 7:46 PM IST

গুৱাহাটী, 28 জুলাই: পাৰিবাৰিক সংঘাত ‍আৰু সম্পত্তিৰ প্ৰসংগত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত উত্থাপিত অভিযোগ সন্দৰ্ভত অৱশেষত মুখ খুলিলে সাংবাদিক নিতুমণি শইকীয়াই (Nitumoni Saikia controversy)। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিক নিতুমণি শইকীয়াই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে (Nitumoni Saikia addresses press meet)।

সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে নিতুমণি শইকীয়াই

উল্লেখ্য যে, কিছুদিন পূৰ্বে তেওঁৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনি আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনোৱাৰ কথা সদৰি কৰিছিল (Nitumoni Saikia divorce controversy)। লগতে পত্নীয়ে তেওঁৰ অগাধ সম্পত্তি সন্দৰ্ভতো কেতবোৰ অভিযোগ আনিছিল । ইয়াৰ পাছতে তেওঁ সামাজিক মাধ্যমত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আজি সংবাদমেল যোগে নিজৰ স্থিতি স্পষ্ট কৰে ।

তেওঁ কয় যে, পত্নীৰ সৈতে তেওঁৰ এতিয়াও বিবাহ বিচ্ছেদ হোৱা নাই । বিষয়টো আদালতৰ বিবেচনাধীন হৈ আছে বাবে বিশেষ কিবা কোৱাৰ পৰা বিৰত থাকি সময়ত সকলো কথা স্পষ্ট হ'ব বুলি উল্লেখ কৰে সাংবাদিকগৰাকীয়ে । তেওঁলোকৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজি এদিন দূৰ হ'ব আৰু পুনৰ তেওঁলোক একেলগে থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

আনহাতে, সম্পত্তিক লৈ উত্থাপন হোৱা প্ৰশ্ন সন্দৰ্ভত তেওঁ কয় যে, ২০০৬ চনত এন ই টিভিত যোগদান কৰাৰ সময়ত তেওঁৰ দৰমহা আছিল দহ হাজাৰ টকা (Nitumoni Saikia property controversy)। ২০০৬ চনতে তেওঁ বিবাহ পাশত আৱদ্ধ হৈছিল । ইয়াৰ পাছত ২০০৭ চনত তেওঁ নিউজ লাইভত যোগদান কৰে আৰু সেই সময়ত ২২ হাজাৰ টকা দৰমহা লাভ কৰিছিল । তেওঁ কয় যে, তেওঁৰ প্ৰথমখন চাৰিচকীয়া বাহন ভাৰ্না ২০০৭ চনত বেংকৰ ঋণ লৈ ক্ৰয় কৰিছিল । বাহনখন ক্ৰয়ৰ ক্ষেত্ৰত নিউজ লাইভৰ পৰিচালন সঞ্চালকৰ পৰা পোৱা টকা তেওঁ নিউজ লাইভ ত্যাগ কৰাৰ সময়ত ঘূৰাই দিছিল বুলি তেওঁ তথ্য সহকাৰে সংবাদমেলত সদৰি কৰে ।

তেওঁ কয় যে, কোনো অসৎ উপায়েৰে তেওঁ বাহন ক্ৰয় কৰা নাছিল । নিজৰ যোগ্যতাৰ বলত ক্ৰয় কৰিছে । আনহাতে বৰ্তমান থকা ২৭.৬৬ লাখ টকা মূল্যৰ ফৰ্চুনাৰ বাহনখনো বেংকৰ ঋণ লৈ ক্ৰয় কৰা বুলি তেওঁ সদৰি কৰে । গুৱাহাটীত তিনিটাকৈ ফ্লেট থকাৰ অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, গুৱাহাটীত বৰ্তমান তেওঁৰ এটাও ফ্লেট নাই । ২০০৭ চনৰ পৰা ২০২১ চনলৈ গুৱাহাটীৰ মেঘমল্লাৰ এপ‍াৰ্টমেণ্টৰ ফ্লেটত ভাৰা লৈ থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমান তেওঁ হাউচিঙৰ ঘৰত আছে (Nitumoni Saikia new flat)।

তেওঁ লগতে কয় যে গুৱাহাটীত ৬২ লাখ টকা ব্যয় সাপেক্ষে ২৩০০ বৰ্গফুটৰ এটা ফ্লেট তেওঁ লৈছে যদিও এতিয়াও নিৰ্মিয়মান অৱস্থাত আছে । এতিয়াও ফ্লেটটো বিল্ডাৰে চমজাই দিয়া নাই । গতিকে আজিৰ তাৰিখত তেওঁৰ নিজা ফ্লেট নাই বুলি তেওঁ উল্লেখ কৰে । নিৰ্মীয়মান ফ্লেটতো সম্পূৰ্ণ হ'লে হাউচিঙৰ ঘৰটো এৰি দিব বুলি তেওঁ সদৰি কৰে । ফ্লেটটোৰ বাবে তেওঁ আই চি আই চি আই বেংকৰ পৰা দুটাকৈ ঋণ লোৱাৰ কথা উল্লেখ কৰে (Nitumoni Saikia salary) ।

বাহন আৰু ফ্লেট লোৱাৰ ক্ষেত্ৰত তেওঁ বৰ্তমান কৰ্মৰত 'প্ৰতিদিন টাইম'ৰ মেনেজমেণ্টৰ পৰাও ঋণ লোৱা বুলি কয় । আনহাতে, ২০০৯ চনত পত্নীৰে মিলি গুৱাহাটীত এডোখৰ মাটি ক্ৰয় কৰ‍াৰ কথাও তেওঁ সংবাদমেলত সদৰি কৰে । এইখিনি সম্পত্তিৰ বাহিৰে আন কোনো সম্পত্তি নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, কাকো কেতিয়াও ব্লেকমেইলিং কৰি সম্পত্তি কৰা নাই । কোনোবাই যদি প্ৰমাণ কৰিব পাৰে তেন্তে ৰাজহুৱা জীৱন তথা সাংবাদিকতা ত্যাগ কৰিব বুলি তেওঁ সদৰি কৰে । প্ৰকৃত সত্য নজনাকৈ সমালোচনা নকৰাৰ বাবে তেওঁ সংশ্লিষ্ট সকলোলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Exclusive Interview with Bhabesh Kalita: ৰাজ্যৰ বিৰোধী দলক হতাশাগ্ৰস্ত তথা দিশহাৰা আখ্যা ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.