ETV Bharat / city

তত্বাৱধায়কৰ দায়িত্ব লৈ প্ৰথম বাৰলৈ ৰাজীৱ ভৱনত ভৰি দিলে জিতেন্দ্ৰ সিঙে

author img

By

Published : Nov 4, 2020, 7:15 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে দায়িত্ব লাভ কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত ভৰি দিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে । ৰাজীৱ ভৱনত উপস্থিত হৈ দলীয় কৰ্মীৰ লগত মত বিনিময় কৰে নেতা গৰাকীয়ে ৷

jitendra singh at rajib bhawan today
জিতেন্দ্ৰ সিং

গুৱাহাটী, ৪ নৱেম্বৰ: অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে দায়িত্ব লাভ কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত ভৰি দিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে । 1 নৱেম্বৰতে জিতেন্দ্ৰ সিঙে দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ আৰু তাৰ পিছত যোৰহাট আৰু নগাঁৱত দলীয় সভাত ভাগ লয় ৷

ইয়াৰ পিছতে বুধবাৰে গুৱাহাটীত উপস্থিত হয় জিতেন্দ্ৰ সিং । ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ পিছতে নেতা গৰাকীক আদৰণি জনাই দলীয় কৰ্মীসকলে । সমান্তৰালভাৱে প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত উপস্থিত হৈ দলীয় কৰ্মীৰ লগত মত বিনিময় কৰে নেতা গৰাকীয়ে ৷

ইফালে জিতেন্দ্ৰ সিঙৰ আগমনে প্ৰদেশ কংগ্ৰেছক নতুন গতি দি'ব বুলি মন্তব্য কৰিছে দলটোৰ সাধাৰণ সম্পাদক দূৰ্গা দাস বড়োৱে । উল্লেখ্য যে 6 নৱেম্বৰত তত্বাৱধায়ক গৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনাত বহিব । অসম প্ৰদেশ কংগ্ৰেছক 21 ৰ মন্ত্ৰণা দি নেতা গৰাকী দিল্লীমূৱা হ'ব 7 নৱেম্বৰত ৷

লগতে পঢ়ক:সাতগাঁও গাঁও পঞ্চায়তত প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.