ETV Bharat / city

আঞ্চলিকতাবাদৰ নামত অসমত সুবিধাবাদৰ ৰাজনীতি চলিছে ! - মেঘালয়ৰ কনৰাড চাংমা

গুৱাহাটী প্ৰেছ ক্লাৱত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ প্ৰথম বৰ্ষপূতি উপলক্ষে অনুষ্ঠিত এক আলোচনা চক্ৰত আঞ্চলিক-ৰাজনৈতিক দলৰ লগতে নেতাসকলৰ ওপৰতো বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷

গুৱাহাটী প্ৰেছ ক্লাৱত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান
author img

By

Published : May 31, 2019, 10:00 PM IST

গুৱাহাটী,৩১মে' : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ প্ৰথম বৰ্ষপূতি উপলক্ষে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত আঞ্চলিক-ৰাজনৈতিক দলৰ নামত অসমত কেৱল সুবিধাবাদৰ ৰাজনীতি চলি আছে বুলি মন্তব্য কৰে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসমৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই । লগতে সম্পাদক গৰাকীয়ে কয় "অসমৰ ৰাইজৰ আস্থা হেৰাই গৈছে ৰাজনৈতিক নেতাসকলৰ ওপৰৰ পৰা" । সাধাৰণ ৰাইজে নেতাসকলক দালাল বুলিয়ে ভাবে । ইয়াৰোপৰি বহু সংগঠনে কেব বিৰোধী আন্দোলনৰ নামত নাটক কৰিছে বুলি মন্তব্য কৰি সম্পাদকগৰাকীয়ে কয় যে, তাৰ বাবে ৰাইজে সংগঠনসমূহক ঘৃণাৰ চকুৰে চাবলৈ লৈছে ।

গুৱাহাটী প্ৰেছ ক্লাৱত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান

ইফালে,ৰাইজৰ সমস্যা সমাধানৰ বাবেও দলসমূহে কোনো পদক্ষেপ গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে । সংগঠন আৰু দল সন্দৰ্ভত উত্তৰ পূৱত জোৰান থাংছা ,মেঘালয়ৰ কনৰাড চাংমা,অৰুণাচলৰ গেগং আপাং আৰু মণিপুৰ ত্ৰিপুলছ পাৰ্টিৰ সৈতে অতি শীঘ্ৰে উত্তৰ পূৱৰ এখন সমূহীয়া মঞ্চ গঠন কৰা হ’ব বুলিও কয় জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ নেতৃত্বই ৷

Intro:আঞ্চলিক ৰাজনৈতিক দলৰ নামত অসমত কেৱল সুবিধাবাদৰ ৰাজনীতিহে হৈছে । এই মন্তব্য জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসমৰ সম্পাদক ৰাজকুমাৰ বৈশ্য ৰ । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংগঠনটোৰ প্ৰথম বৰ্ষপুতি উপলক্ষে অনুষ্ঠিত হোৱা আলোচনা চক্ৰত এইদৰে কয় । বৰ্ষপূতি উপলক্ষে বহুধাবিভক্ত অসমৰ জাতীয়তাবাদী শক্তি সমূহক একত্ৰিত কৰাৰ উপায় বিষয়টোৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত বহুলোকে অংশ লয় ‌ । লগতে সম্পাদক গৰাকীয়ে কয় যে অসমৰ ৰাইজৰ নেতা সকলৰ ওপৰত আস্থা হেৰাই গৈছে । সাধাৰণ ৰাইজে নেতাসকলক দালাল বুলিয়ে ভাবে । তেনেস্থলত অসমৰ মূল সমস্যা সমাধানৰ বাবে যদি এটা দলৰ বিকল্প আন এটা দল কৰি থকা যায় । আঞ্চলিক ৰাজনৈতিক দলৰ নামত বিভিন্ন সুবিধাবাদৰ ৰাজনীতিৰ আৰম্ভ হৈছে । লগতে আৰু কয় যে উত্তৰ পূৱৰ এটা সংহতি স্থাপন কৰি সন্মিলিত ভাৱে উত্তৰ পূবে একেখন মঞ্চতে থিয় হৈ দিল্লীৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব, খিলঞ্জীয়া জাতি সত্তা ৰক্ষা কৰিব লাগে ।দিল্লীৰ শোষণ বন্ধ কৰিব লাগে । কিন্তু ৰাইজৰ ক্ষেত্ৰতো কোনেও বিচাৰ বিবেচনা কৰি চোৱা নাই ।70 টা 30 টা সংগঠনৰ কেৱ বিৰোধী আন্দোলনকো ভেভুচালি কৰি ৰাইজে খং আৰু ঘৃণা প্ৰকাশ কৰিছে ‌।তাৰ পিছতো ৰাইজৰ পৰিস্থিতি বুজিবৰ কাৰণে চেষ্টা কৰা নাই ।সেইবাবে সন্মিলিত ভাৱে উত্তৰ পূৱ ইউনিটি কৰাৰ বাবে আগবাঢ়িছে পি এল পিৰ নীতিৰ আধাৰত । ইতিমধ্যে উক্ত বিষয়ৰ সন্দৰ্ভত উত্তৰ পূৱত জোৰান থাংছা ,মেঘালয়ৰ কনৰাড চাংমা,অৰুনাচলৰ গেগং আপাং আৰু মনিপুৰ ত্ৰিপুলছ পাৰ্টিৰ সৈতে কথা পতাৰ লগতে অতি সোনকালে উত্তৰ পূৱৰ এখন সমূহীয়া মঞ্চ গঠন কৰাৰ কাৰনে ব্যৱস্থা হব বুলি জানিবলৈ দিয়ে সম্পাদক গৰাকীয়ে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.