ETV Bharat / city

উৰ্দুৰ প্ৰতি আগ্ৰহী নহয় অসমৰ ছাত্ৰ-ছাত্ৰী - উৰ্দুৰ প্ৰতি আগ্ৰহী নহয় অসমৰ ছাত্ৰ-ছাত্ৰী

যোৱা দুবছৰে বন্ধ হৈ থকা অসমৰ একমাত্ৰ উৰ্দু ভাষাৰ বিদ্যালয়খন

অসমৰ একমাত্ৰ উৰ্দু ভাষাৰ পাঠদান কৰা বিদ্যালয়
author img

By

Published : Feb 5, 2019, 11:49 PM IST

গুৱাহাটী,৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ইছলামপুৰস্থিত মাদাৰ আইছা ইংৰাজী হাইস্কুলত যোৱা দুবছৰে বন্ধ হৈ আছে উৰ্দুৰ পাঠদান। ২০০৬ চনৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলক অন্যান্য পাঠ্যক্ৰমৰ সমান্তৰালকৈ উৰ্দু ভাষাৰ শিক্ষা প্ৰদান কৰা হৈছিল । প্ৰথম অৱস্থাত বহু ছাত্র-ছাত্ৰী উৰ্দুৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও বৰ্তমান এই ভাষাৰ প্ৰতি আগ্ৰহী নহয় ছাত্ৰ-ছাত্ৰী।

অসমৰ একমাত্ৰ উৰ্দু ভাষাৰ পাঠদান কৰা বিদ্যালয়
undefined

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে জনোৱা মতে আধুনিক যুগৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত প্ৰয়োগ কৰা হেঁচাৰ ফলতেই আগ্ৰহ থাকিলেও উৰ্দুৰ শিক্ষা ল'ব নিবিচাৰে ছাত্ৰ-ছাত্ৰীয়ে। ভাৰতৰ এক অতি জনপ্ৰিয় ভাষা হিচাপে সকলোৱে উৰ্দু ভাষা জানিব লাগে বুলি বিশ্বাসী বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী।

উল্লেখ্য় যে, ভাৰত চৰকাৰৰ উৰ্দু ভাষা প্ৰচাৰ আৰু প্ৰসাৰ বিভাগে প্ৰতিখন ৰাজ্যতে উৰ্দু ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। অসমতো ভাৰত চৰকাৰৰ এই বিভাগটোৱে উৰ্দু ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মহানগৰীৰ ইছলামপুৰৰ মাদাৰ আইছা ইংৰাজী হাই স্কুলক উৰ্দু পাঠ্যক্ৰম অন্তৰ্ভূক্তি কৰিছিল। ২০০৬ পৰা ২০১৬ চনলৈ এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহু অভিভাৱকে উৰ্দু ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল। যদিও বৰ্তমান উৰ্দু ভাষাৰ প্ৰতি অসমীয়া ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ কম তথাপিও পুনৰ উৰ্দু ভাষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকল আকৰ্ষিত হ'ব বুলি আশাবাদী বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।

Intro:অসমৰ একমাত্ৰ উৰ্দু ভাষাৰ পাঠদান কৰা বিদ্যালয়ত যোৱা দুবছৰে বন্ধ হৈ আছে উৰ্দুৰ পাঠদান। উৰ্দুৰ প্ৰতি আগ্ৰহী নহয় অসমৰ ছাত্ৰ-ছাত্ৰী।

Body:মহানগৰী গুৱাহাটীৰ ইছলামপুৰস্থিত মাদাৰ আইছা ইংৰাজী হাই স্কুল নামৰ এই বিদ্যালয়খনত ২০০৬ চনৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক অন্যান্য পাঠ্যক্ৰমৰ সমান্তৰালে উৰ্দু ভাষাৰো শিক্ষা প্ৰদান কৰা হৈছিল যদিও বৰ্তমান যোৱা দুবছৰৰ পৰা এই বিদ্যালয়খনত বন্ধ হৈ আছে উৰ্দুৰ পাঠদান। উৰ্দুক ভাৰতত প্ৰচলিত ভাষা সমূহৰ ভিতৰত আটাইতকৈ মিঠা ভাষা হিচাপে কোৱা হয় যদিও অসমত ইয়াৰ প্ৰচলন অতি সীমিত। উত্তৰ প্ৰদেশ, বিহাৰ আৰু জম্মু কাশ্মীৰৰ পৰা আহি অসমত বসবাস কৰা কিছুমান লোকে অসমত উৰ্দু ভাষাত কথা বতৰা কোৱা দেখিবলৈ পোৱা যায়। ভাৰত চৰকাৰৰ উৰ্দু ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বিভাগে ভাৰতৰ প্ৰতিটো ৰাজ্যতে উৰ্দু ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সময়ে সময়ে বিভিন্ন কচৰ্যসূচী গ্ৰহণ কৰি আহিছে। অসমতো ভাৰত চৰকাৰৰ এই বিভাগটোৱে উৰ্দু ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৱাহাটী মহানগৰীৰ ইছলামপুৰৰ মাদাৰ আইছা ইংৰাজী হাই স্কুলক উৰ্দু পাঠ্যক্ৰম অন্তৰভুক্তি ব্যৱস্থা কৰিছিল। ২০০৬ চনত প্ৰথমবাৰৰ বাবে এই বিদ্যালয়খনত উৰ্দু ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত বহু ছাত্র-ছাত্ৰীয়ে উৰ্দুৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও বৰ্তমান এই ভাষাৰ প্ৰতি ছাত্র-ছাত্ৰী সকলৰ আগ্ৰহ কমি অহাত যোৱা দুবছৰৰ পৰা এই বিদ্যালয়খনত উৰ্দু ভাষাৰ পাঠদান বন্ধ হৈ আছে।

বাইট ১: বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী

বৰ্তমানৰ আধুনিক যুগৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত যি হেঁচা প্ৰদান কৰিছে ইয়াৰ ফলতে ছাত্ৰ-ছাত্ৰী সকল আগ্ৰহী থাকিলেও উৰ্দুৰ শিক্ষা ল'ব নিবিচাৰে। আধুনিক শিক্ষাৰ জৰিয়তে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে জীৱনত আগুৱাই যাবলৈ বিছৰে গতিকে উৰ্দুৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আকৰ্ষিত নহয়। উৰ্দুৰ শিক্ষা লাভ কৰি যদিও ছাত্ৰ-ছাত্ৰী সকল আধুনিক যুগৰ লগত ফেৰ মাৰিব নোৱাৰে তথাপিও উৰ্দু ভাৰত এক অতি জনপ্ৰিয় ভাষা হোৱাৰ বাবে সকলোৱে ইয়াক জানিব লাগে বুলি বিশ্বাসী বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী।

বাইট ২: বিদ্যালয়খনৰ উৰ্দু শিক্ষক

Conclusion:২০০৬ পৰা ২০১৬ চনলৈ এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহু অভিভাৱকো এই বিদ্যালয়খনৰ পৰা উৰ্দু ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমান যদিও অসমত উৰ্দু ভাষাৰ প্ৰতি মানুহৰ আগ্ৰহ কম তথাপিও বিদ্যালয়খনৰ শিক্ষাক-শিক্ষয়িত্ৰী সকল আশাবাদী পুনৰ উৰ্দু ভাষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকল আকৰ্ষিত হ'ব।

(অসমীয়া আৰু উৰ্দুৰ বাবে প্ৰেৰণ কৰা বিশেষ বাতৰি। অসমীয়া আৰু উৰ্দুত পি টি চি আছে)
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.