ETV Bharat / city

মূল্যবৃদ্ধিত বিশ্বগুৰু হ’ব ভাৰত : অখিল গগৈ - indian economyIndian economy heading towards becoming Nepal or Srilanka

‘‘মূল্যবৃদ্ধিত বিশ্বগুৰু হ’ব পাৰিব ভাৰত’’ এইদৰে দেওবাৰে অনুষ্ঠিত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Price hike during BJP government) ৷ দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ হৈ বিধায়কগৰাকীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত ইন্ধনৰ মূল্য বৃদ্ধি হোৱা বুলি বিজেপি চৰকাৰে জনতাক মিছা প্ৰচাৰ চলাইছে বুলিও মন্তব্য কৰে ।

indias-economy-heading-towards-becoming-nepal-or-srilanka-says-akhil-gogoi
মূল্যবৃদ্ধিত বিশ্বগুৰু হ’ব ভাৰত: অখিল গগৈ
author img

By

Published : Apr 10, 2022, 8:14 PM IST

গুৱাহাটী, 10 এপ্ৰিল: ‘‘মোডী চৰকাৰ, ভাৰতৰ নাগৰিকৰ তেজখোৱা চৰকাৰ । হিতাধিকাৰী সৃষ্টিৰে জনতাক কিনিছে । দেশত আৰ্থিক সংকট দেখা দিবলৈ বেছি দিন নাই । শ্ৰীলংকাৰ নেপালৰ পৰিস্থিতি দিশে আগবাঢ়িছে দেশ (Indian economy heading towards becoming Nepal or Srilanka) ৷" দেওবাৰে অনুষ্ঠিত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi criticizes BJP government over price hike) ৷

দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ হৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ (Russia Ukraine war) ফলত ইন্ধনৰ মূল্য বৃদ্ধি হোৱা বুলি বিজেপি চৰকাৰে জনতাক মিছা প্ৰচাৰ চলাইছে বুলিও মন্তব্য কৰে । পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি (Fuel price hike in India) বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক জগৰীয়া কৰে বিধায়কগৰাকীয়ে ৷

বিধায়ক গগৈয়ে পূৰ্বৰ মনমোহন সিঙৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলত আৰোপ কৰা কৰৰ তুলনা কৰি কয় যে, আন্তৰ্জাতিক বজাৰত আজিৰ দিনটোত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য 102.80 ডলাৰ । 2014 চনৰ মে’ মাহত মনমোহন সিঙৰ চৰকাৰৰ দিনত খাৰুৱা তেলৰ প্ৰতি বেৰেলত দাম হৈছিল 105.7 ডলাৰ ।

মূল্যবৃদ্ধিত বিশ্বগুৰু হ’ব ভাৰত: অখিল গগৈ

কিন্তু বৰ্তমান সময়ৰ দৰে পেট্ৰ’ল-ডিজেলৰ মূল্য সেই সময়ত বৃদ্ধি হোৱা নাছিল । সিং চৰকাৰৰ দিনত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম সৰ্বাধিক 145 ডলাৰ হৈছিল ৷ পিছে সেই সময়ত দেশত প্ৰতিলিটাৰ পেট্ৰ’লত সৰ্বাধিক দাম আছিল 71.42 টকা ৷ একেদৰে প্ৰতিলিটাৰ ডিজেল 55.49 টকা ।

শেহতীয়াকৈ ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি গগৈয়ে কয়, গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লত 105.66 টকা । য’ত 45.50 টকা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ কৰ লাগিছে । কেন্দ্ৰীয় মোডী চৰকাৰে 27.90 টকা আৱকাৰী কৰ আৰু হিমন্ত চৰকাৰে 17.60 টকা কৰ লগাইছে ।

গুৰুত্বপূৰ্ণ কথা যে, মনমোহন চৰকাৰৰ দিনত পেট্ৰ’লত সৰ্বাধিক কেন্দ্ৰীয় কৰ 9.45 টকা আৰু ৰাজ্য কৰ 3.56 টকা বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, প্ৰতিলিটাৰ ডিজেল আজি গুৱাহাটীত 91.55 টকা । য’ত 34.24 টকা কেন্দ্ৰীয়-ৰাজ্য কৰ লাগিছে বুলি তেওঁ কয় ।

কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে অত্যাধিক কৰ আৰোপ কৰি জনতাক হাৰাশাস্তি কৰা ফলতে বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য বুলি উল্লেখ কৰি তেওঁ কয়-বিগত 7 বছৰত মোডী চৰকাৰে 26 লাখ কোটি টকা পেট্ৰ’ল-ডিজেলত কৰ সংগ্ৰহ কৰিছে । তাৰ পাছতো আজি দেশ দেউলীয়া । আনহাতে মনমোহন সিঙৰ দিনত ৰন্ধন গেছ ছিলিণ্ডাৰ দাম আছিল 441 টকা ।

তাৰ এতিয়া দুগুণ হৈ 998 টকা হ’ল । ইয়াৰ উপৰিও নিৰ্মাণ সামগ্ৰী, খাদ্য সামগ্ৰী, দৰৱ আদি মূল্যবৃদ্ধিৰ ফলত জনতা জুৰুলা হৈ পৰিছে বুলিও গগৈয়ে কয় । ইফালে মোদীৰ নেতৃত্বত ভাৰতক বিজেপিয়ে বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰিব বুলি কৰি অহা মন্তব্যক কটাক্ষ কৰি গগৈয়ে কয় যে, ‘‘মূল্যবৃদ্ধিত বিশ্বগুৰু হ’ব পাৰিব ভাৰত’’ ৷

লগতে পঢ়ক : শ্ৰীলংকা, নেপালৰ দৰে হ’ব নেকি ভাৰতৰ অৱস্থা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.