ETV Bharat / city

Increase in liquor price : পেট্ৰ'ল-ডিজেলৰ ক্ষতি পূৰণ কৰিবলৈ পুনৰ সুৰাৰ মূল্য বৃদ্ধি - সুৰাৰ মূল্যবৃদ্ধি

দামী বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ । কমদামী বিলাতী সুৰাৰ মূল্য ৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব । ইতিমধ্যে ৰাজ্যৰ কেবিনেটত এইক্ষেত্রত সিদ্ধ‍ন্ত গ্ৰহণ কৰা হৈছে । ৰাজ্য চৰকাৰে ভেট হ্ৰাস কৰাৰ ফলত পেট্ৰ'ল-ডিজেলৰ মূল্য কিছু হ্ৰাস পোৱাৰ বিপৰীতে ৰাজহৰ পৰিমাণ কমি গ'ল । য‍াৰবাবে এইবাৰ চৰকাৰৰ চকু পৰিছে সুৰাৰ ওপৰত (state government is to collect revenue through liquor ) ।

increase-in-liquor-price-state-government-is-to-collect-revenue-through-liquor
Increase in liquor price : সুৰাপায়ীৰ ওপৰত কৰৰ বোজা চৰকাৰৰ
author img

By

Published : Nov 26, 2021, 10:37 PM IST

গুৱাহাটী, ২৬ নবেম্বৰ : পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য । দামী বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ । কমদামী বিলাতী সুৰাৰ মূল্য ৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব । ইতিমধ্যে ৰাজ্যৰ কেবিনেটত এইক্ষেত্রত সিদ্ধ‍ান্ত গ্ৰহণ কৰা হৈছে । অচিৰেই কাৰ্যকৰী হ'ব এই মূল্যবৃদ্ধি । সহজে অনুমেয় যে, ইয়াৰ অন্তৰালত আছে ৰাজহ বৃদ্ধিৰ পৰিকল্পনা । ৰাজ্য চৰকাৰে ভেট হ্ৰাস কৰাৰ ফলত পেট্ৰ'ল-ডিজেলৰ মূল্য কিছু হ্ৰাস পোৱাৰ বিপৰীতে ৰাজহ কমি গ'ল । য‍াৰবাবে এইবাৰ চৰকাৰৰ চকু পৰিছে সুৰাৰ ওপৰত(state government is to collect revenue through liquor ) ।

পেট্ৰ'ল-ডিজেলৰ ক্ষতি পূৰাবলৈ নির্লিপ্ত সুৰাপায়ীক একপ্ৰকাৰ ধন্যবাদ জনাই পুনৰ মদৰ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । চৰকাৰৰ এই সিদ্ধান্তই সুৰাপায়ীৰ বাবে দুঃখবৰ কঢ়িয়াই আনিছে । শীঘ্ৰেই ৰাজ্যত বৃদ্ধি পাব আবকাৰী শুল্ক (excise duty to increase in Assam) । ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি জোৰা মৰাৰ লক্ষ্যৰে অৱশেষত আবকাৰী শুল্ক বৃদ্ধি কৰি সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।

বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্তত ইতিমধ্যে চীল-মােহৰ মাৰিছে মন্ত্ৰী পৰিষদে । ক'ভিডৰ পাছতেই ৰাজহ সংগ্ৰহৰ প্রায় সকলাে উৎস স্থবিৰ হৈ পৰাত আৱকাৰী ৰাজহৰ ওপৰতেই চৰকাৰ সম্পূর্ণ নির্ভৰশীল হৈ পৰিছে ।

যাৰ পৰিপ্ৰেক্ষিতত দিছপুৰে ৰাজকোষৰ ভঁৰাল টনকিয়াল কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ১১খন জিলাত বিলাতী সুৰাৰ বিপণীৰ নতুন অনুজ্ঞাপত্ৰ মুকলি কৰিছে ( Issue of wine shop license ) । ৰাজ্যৰ মফচলীয় চহৰসমূহলৈ বিলাতী সুৰাৰ বন্যা বােৱাই সুৰাৰ অসম গঢ়াৰ সংকল্প লােৱা চৰকাৰখনে এইবাৰ আবকাৰী ৰাজহ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে । ইতিমধ্যে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আবকাৰী কৰ বৃদ্ধিৰ বাবে আবকাৰী বিভাগে শীঘ্ৰেই অধিসূচনা জাৰি কৰিব ।

এটা কথা স্পষ্ট যে, পেট্রল-ডিজেলৰ কৰ হ্রাস কৰাৰ ফলত ঘাটি হোৱা ৰাজহৰ জোৰা মৰাৰ স্বাৰ্থতে আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে চৰকাৰে । ইন্ধনৰ মূল্য বৃদ্ধি পালে সাধাৰণ জনতাই প্রতিবাদ কৰে যদিও সুৰাৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে প্রতিবাদ কৰােতা কোনাে নাই । কোনাে সুৰাপায়ীয়েই মদৰ দাম বৃদ্ধি পালেও ৰাজহুৱা মঞ্চত অসন্তুষ্টি ব্যক্ত নকৰে । ইয়াৰ সুযােগ লৈ ৰাজ্য চৰকাৰে পুনৰবাৰ আবকাৰী শুল্ক বৃদ্ধিৰ অনুমােদন জনালে বুলি এতিয়া সচেতন মহলত আলোচিত হৈছে ।

লগতে পঢ়ক : Mission Basundhara : মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.