গুৱাহাটী, 9 জুন : গুৱাহাটী আই আই টিৰ ধাৰাবাহিক সফলতাই উৎসাহিত কৰিছে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীক । বিশ্বৰ টপ জাৰ্নেল নেচাৰ্ছ ইনডেক্সৰ সমীক্ষাত, তথ্য প্ৰযুক্তি প্ৰতিস্থান আই আই টি গুৱাহাটীয়ে কেইবাটাও শিতানত উজলিবলৈ সক্ষম হৈছে । শৈক্ষিক মানদণ্ডৰ উৰ্ধমুখী সূচকাংকই বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ কৰিছে এতিয়া গুৱাহাটী আই আই টিত ।
পূৰ্বে সমগ্ৰ বিশ্বৰ ভিতৰতে ৪৬৩ তম স্থানত থকা অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনে বহুকেইটা স্থান উন্নীত হৈ ৩৫০ তম স্থান দখল কৰিছে । ইফালে সৰ্ব ভাৰতীয় ৰেংকিঙত আই আই টি গুৱাহাটীয়ে পূৰ্বৰ দশম স্থানৰ পৰা ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
ৰসায়ন বিজ্ঞান শিতানতো সপ্তম স্থানৰ পৰা পঞ্চম স্থানলৈ অগ্ৰসৰ হ'ল উত্তৰ-পূব ভাৰতৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান আই আই টি গুৱাহাটী । জীৱ বিজ্ঞানত (Life Science) পূৰ্বৰ ৪২ তম স্থানৰ পৰা নৱম স্থানত অধিস্থিত হ'ল প্ৰতিষ্ঠানখন । আনহাতে, ভৌতিক বিজ্ঞানত কুৰি স্থানৰ পৰা সপ্তম স্থানলৈ উত্থান হোৱাত শিক্ষা প্ৰতিস্থানখনৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত আশাৰ সঞ্চাৰ হৈছে । শৈক্ষিক প্ৰতিস্থানখনৰ এই চমকপ্ৰদ উত্থানৰ বিষয়ে বিৱৰি কয় আই আই টি গুৱাহাটীৰ ডীণ তথা প্ৰফেচাৰ পি. কে. লায়াৰে ৷