ETV Bharat / city

গুৱাহাটীত প্ৰথমবাৰৰ বাবে দহদিনীয়া কাৰ্যসূচীৰে 'হু'নৰ হাট' - Himanta Biswa Sharma to officially inaugurated Hunar haat

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে 'হু'নৰ হাট' (First time in North East)। গুৱাহাটীৰ খানাপাৰাস্থ খেলপথাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই হু'নৰ হাট অৰ্থাৎ প্ৰতিভাধৰৰ বজাৰ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব(Himanta Biswa Sharma to officially inaugurated Hunar haat) ।

Hunar Haat is being organized for the first time in the North East
গুৱাহাটীত প্ৰথমবাৰৰ বাবে দহদিনীয়া কাৰ্যসূচীৰে 'হু'নৰ হাট'
author img

By

Published : Mar 11, 2022, 10:29 PM IST

গুৱাহাটী, 11 মাৰ্চ : উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে 'হু'নৰ হাট'(hunar haat being organized for the first time in North East)। গুৱাহাটীৰ খানাপাৰাস্থ খেলপথাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই হু'নৰ হাট অৰ্থাৎ প্ৰতিভাধৰৰ বজাৰ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব । শুকুৰবাৰে খানাপাৰাৰ হু'নৰ হাটস্থলীত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী আৰু ৰাজ্যসভাৰ উপ দলপতি মুখতাৰ অব্বাছ নকভিয়ে ।

এই সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ দ্বাৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় (College of Veterinary Science, Khanapara) ৰ খেলপথাৰত শুকুৰবাৰৰ পৰা 20 মার্চলৈ 'হু'নৰ হাট'ৰ আয়োজন কৰা হৈছে বুলি জনায় । 38 সংখ্যক এই হু'নৰ হাটত 28 খনৰো অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাত শতাধিক শিল্পী আৰু কাৰিকৰে অংশগ্ৰহণ কৰিছে । লগতে এই 'হু'নৰ হাট' ত 300 খন বিপণী স্থাপন কৰা হৈছে য'ত অসমসহ দেশৰ বিভিন্ন প্ৰান্তৰ স্বদেশী দুর্লভ হস্তনিৰ্মিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদমেলত সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে এই হু'নৰ হাটত পৰম্পৰাগত খাদ্যসম্ভাৰো উপলব্ধ হ’ব । তদুপৰি বৃহৎ সংখ্যক মহিলা শিল্পকাৰে এই হাটত অংশ গ্ৰহণ কৰিছে । আনহাতে হু'নৰ হাটত প্ৰায় নোহোৱা হৈ পৰা ঐতিহাসিক চার্কাচ প্ৰদৰ্শৰ ব্যৱস্থা কৰা হৈছে । আনহাতে হু'নৰ হাটৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ দেশৰ প্ৰসিদ্ধ শিল্পীসকলৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

লগতে পঢ়ক : জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ: হিমন্ত বিশ্ব শৰ্মা

এই সাংস্কৃতিক অনুষ্ঠানত সুৰেশ ৱাদকাৰ, মহালক্ষী আয়াৰ, অমিত কুমাৰ, সুদেশ ভোচলে, জুবিন গাৰ্গ, আলতাফ ৰাজা, কল্পনা পাটোৱাৰী, হচমিকা আয়াৰ, অৰ্চনা শর্মা, উপাসনা সিং, দীক্ষু শর্মা, পদ্মনাভ বৰদলৈ, সুনীতা ভূঞা, ৰাণী ইন্দ্ৰাণী, ভূমি মালিক, ৰেখা ৰাজ, মোহিত খান্না, প্ৰিয়া মালিক, ৰিতেশ মিশ্ৰা , গুঞ্জন চক্সেনা, জুনিয়ৰ মেহমুদ, নেহা খান আদি বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, 'হু'নৰ হাট'ৰ জৰিয়তে শিল্পকাৰ, কাৰিকৰসকলে স্বদেশী উৎপাদনসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰদর্শন আৰু বিক্ৰী কৰাৰ সুবিধা লাভ কৰিছে । লগতে মুখতাৰ অব্বাছ নকভিয়ে কয় যে, মোদী চৰকাৰখনৰ "এক্ট ইষ্ট পলিচী"য়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিছে । মোদী চৰকাৰৰ প্ৰায় 8 বছৰীয়া কাৰ্য্যকালত উত্তৰ-পূৰ্বাঞ্চলত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উন্নয়নমূলক কাম-কাজ সম্পন্ন হৈছে ।

লগতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে 'মোদী মন্ত্ৰ'ৰ সবলীকৰণে সাম্প্রদায়িকতা, বর্ণবাদ আৰু দুর্নীতি নিবাৰণ কৰিছে । এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ বঞ্চিত আৰু নিপীড়িতসকলৰ সৰ্বাংগীন বিকাশৰ “প্ৰতীক" হৈ পৰিছে ৷ অন্যহাতে সমগ্ৰ বিশ্বতে প্ৰধানমন্ত্ৰীক শান্তিৰ বাবে "আশাৰ ৰেঙণি" হিচাপে গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক : নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.