গুৱাহাটী,19 জানুৱাৰী: গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Weed seized at Guwahati railway station)। ৰেল আৰক্ষী আৰু ৰেল সুৰক্ষা বাহিনীয়ে যুটীয়া অভিযান চলায় গুৱাহাটী ৰেলৱে ষ্টেচন পৰা ৫৫ কেজি গাঞ্জা জব্দ কৰে । মঙলবাৰে পুৱা ৮ বজাত আগৰতলাৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা তেজস্ব এক্সপ্ৰেচৰ A1 দবাৰ শৌচালয়ৰ ওচৰৰ পৰা জব্দ কৰা হয় গাঞ্জা খিনি (Weed seized from Tejwash express)। গাঞ্জাখিনি তিনিটা বেগৰ ভিতৰত ২৫ টা পেকেট কৰি ভৰোৱা আছিল । বৰ্তমানলৈকে কোনো লোকক আটক কৰা নাই আৰক্ষীয়ে । গাঞ্জা খিনি ক’ৰ পৰা কোনে আনিছিল তাক জানিব পৰা হোৱা নাই ।
আনহতে মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । বশিষ্ঠ আৰক্ষীয়ে অভিযান চলায় মঙলবাৰে বশিষ্ঠ চাৰিআলিৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Drug peddler arrested in Basistha)। ধৃত সৰবৰাহকাৰীজন হ’ল ধনমণি মহন্ত । সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ৪ গ্ৰাম হেৰ’ইন, নগদ ৭৫২০ টকা আৰু এটা মোবাইল জব্দ কৰে ।
উল্লেখ্য যে, ১৫ জানুৱাৰীৰ নিশাও বশিষ্ঠ আৰক্ষীয়ে অভিযান চলায় ড্ৰাগছসহ অৰুণাচল প্ৰদেশৰ মাৰ্কণি ৰিবা নামৰ সৰবৰাকাৰীজনক গ্ৰেপ্তাৰ কৰিছিল । সৰবৰাহকাৰী জনৰ পৰা এটা চাবোন বাকচত থকা ১১.১ গ্ৰাম হেৰ’ইন জব্দ কৰিছিল ।
লগতে পঢ়ক : Anti Drug Mission : দুলীয়াজানত ড্ৰাগছ সহ এজন যুৱকক আটক