ETV Bharat / city

Covid vaccination for teens starts today: ৰাজ্যবাসীক ক’ভিডলৈ ভয় নকৰি সজাগ হোৱাৰ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ - Covid vaccination for teens starts today

সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ ১৫বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Vaccination drive for teenagers in Assam) ৷ মহানগৰীৰ গোপাল বড়ো হাইস্কুলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে । প্ৰাথমিক অৱস্থাত ১৫-১৮ বছৰ বয়সৰ ২০ লাখ কিশোৰ-কিশোৰীক ভেকচিন দিয়াৰ লক্ষ্য চৰকাৰৰ(Covid vaccination for teens starts today) ।

Vaccination drive for teenagers
Vaccination drive for teenagers
author img

By

Published : Jan 3, 2022, 7:37 PM IST

গুৱাহাটী, ৩ জানুৱাৰী : বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰৰ পৰা শিক্ষা বিভাগৰ সহযোগত স্বাস্থ্য বিভাগে ৰাজ্যত আৰম্ভ কৰে ১৫ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Covid vaccination for teens starts today)। মহানগৰীৰ গোপাল বড়ো হাইস্কুলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে । টীকাকৰণ কাৰ্যসূচী শুভাৰম্ভ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘আজিৰে পৰা ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক ভেকচিন দিয়া হৈছে । আজিৰ দিনটোত ৰাজ্যত ৫০০ খন শিক্ষানুষ্ঠানক লক্ষ্য কৰি লোৱা হৈছে । আজি ১ লাখ ভেকচিন দিব পাৰিম বুলি ভবা হৈছে’’ ।

উল্লেখ্য যে, আগন্তুক মাৰ্চত ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব (Final exams of SEBA and AHSEC)৷ তাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলক দুই ড'জ ভেকচিন সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰা হৈছে । সেয়েহে জানুৱাৰীৰ ৩ তাৰিখৰ পৰা ৯ তাৰিখলৈ ৭ দিনৰ ভিতৰত সকলো শিক্ষানুষ্ঠানতে ভেকচিনেছন কাৰ্যসূচী সমাপ্ত কৰাৰ বাবে পদক্ষেপ লৈছে চৰকাৰে ।

ৰাজ্যবাসীক ক’ভিডলৈ ভয় নকৰি সজাগ হোৱাৰ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

তাৰপাছতেই ফেব্ৰুবাৰীৰ প্ৰথম-দ্বিতীয় সপ্তাহত দ্বিতীয় পালি ভেকচিনো দিয়াৰ ব্যৱস্থা কৰা হ'ব । ক’ভিডক পৰাস্ত কৰা অস্ত্ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়া হ'ল বুলি মন্তব্য কৰে কেশৱ মহন্তই ।

লগতে পঢ়ক : Covid vaccination for teens starts today: দুলীয়াজানত শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰাথমিক অৱস্থাত ১৫-১৮ বছৰ বয়সৰ ২০ লাখ কিশোৰ-কিশোৰীক ভেকচিন দিয়াৰ লক্ষ্য চৰকাৰৰ (Assam Govt aims to vaccinate about twenty lakhs students) । ব্যক্তিগত, চৰকাৰী সকলো শিক্ষানুষ্ঠানতে দিয়া হ'ব ভেকচিন । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত দহ দিনত পশ্চিম বংগ, মহাৰাষ্ট্ৰ সকলোতে অস্বাভাৱিক ধৰণত বৃদ্ধি হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা । অ’মিক্ৰণক লৈ অসমৰ স্বাস্থ্য় বিভাগ সষ্টম হৈ আছে । ইয়াক লৈ ভয় খোৱাৰ প্ৰয়োজন নাই । সকলোকে সাৱধান হ’বলৈ আহ্বান জনাই কেশৱ মহন্তই কয় যে, কলেজ-বিদ্যালয় আদি বন্ধ নহয় ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে যে, ৰাজ্যত ২৬০০ খন অক্সিজেন বিচনা, ১০০০ খন আই চি ইউ বিচনা আৰু ৬০০ সাধাৰণ বিচনা সাজু হৈ থকাৰ লগতে মুঠ ৯০০০ খন বিচনা সাজু আছে চিকিৎসালয় সমূহত (Assam health department ready for Omicron)। তদুপৰি একেদিনাই ২৫০০০ বিচনা সাজু কৰিব পৰা ব্যৱস্থা আছে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, সোমবাৰে দুলীয়াজানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ৰাজ্যৰ বিদ্যালয়বোৰত স্বাস্থ্য বিভাগৰ দলে গৈ ছাত্ৰ -ছাত্ৰীসকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰিছে । ছাত্ৰ-ছাত্ৰীসকলক কোভাক্সিন প্ৰতিষেধক প্ৰদান কৰা হয় । সোমবাৰৰ পৰা ৯ জানুৱাৰীলৈ চলিব এই অভিযান । মহানগৰীৰ গোপাল বড়ো হাইস্কুল, কামৰূপ একাডেমী, T.C হাইস্কুল, কটন কলেজিয়েট, ডনবস্কো স্কুল, কালিৰাম বৰুৱা স্কুল, সোণাৰাম হাইস্কুলকে ধৰি মুঠ ১৫ খন বিদ্যালয়ত ১৫- ১৮ বছৰৰ ছাত্ৰ- ছাত্ৰী সকলোক ভেকচিন প্ৰদান কৰা হয় ।

লগতে পঢ়ক : নগাঁৱত শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.