ETV Bharat / city

লুৰিণজ্যোতি গগৈৰ সৈতে কি সম্পৰ্ক প্ৰশান্ত কিশোৰৰ

author img

By

Published : Dec 23, 2020, 6:40 PM IST

ৰাজনীতিৰ ক্ষেত্ৰখনত 'চাণক্য' ৰূপে পৰিচিত হোৱা প্ৰশান্ত কিশোৰ হ'ব পাৰে নৱ গঠিত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী কৌশল ৰচোতা ৷ কিন্তু বৰ্তমানলৈকে নৱ গঠিত দলটোৰ সৈতে কোনো চুক্তি হোৱা নাই প্ৰশান্ত কিশোৰৰ ৷

guwahati ajp_prasant_kishor
লুৰিণজ্যোতি গগৈৰ সৈতে কি সম্পৰ্ক প্ৰশান্ত কিশোৰৰ

গুৱাহাটী, ২৩ ডিচেম্বৰ: ভাৰতবৰ্ষৰ নিৰ্বাচনী ৰাজনীতিৰ ক্ষেত্ৰ নত ইতিমধ্যে 'চাণক্য' ৰূপে পৰিচিত হোৱা প্ৰশান্ত কিশোৰ হ'ব পাৰে নৱ গঠিত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী কৌশল ৰচোতা । অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এইগৰাকী ৰাজনৈতিক পৰিকল্পনাকাৰীৰ সৈতে কোনোধৰণৰ চুক্তি হোৱা নাই নৱগঠিত দলটোৰ । সেই বাবেই দলীয় নেতৃত্বয়ো মুখ খুলিব খোজা নাই এই প্ৰসংগত । কিন্তু দলটোৰেই এক কৰ্তৃত্বশীল সুত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে, ইতিমধ্যে প্ৰশান্ত কিশোৰৰ সৈতে দলীয় নেতৃত্বই কেইবাবাৰো এই প্ৰসংগত অনানুষ্ঠানিক বৈঠকত মিলিত হৈছে ।

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি থকা দিনৰে পৰা লুৰিণজ্যোতি গগৈৰ সৈতে প্ৰশান্ত কিশোৰৰ আছে এক মধুৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক । ঠিক তেনেদৰে জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ সৈতেও প্ৰশান্ত কিশোৰৰ এক পুৰণি সুসম্পৰ্ক আছে বুলি জানিব পৰা গৈছে ।

অন্য এক খবৰৰ বাবে:জনতা ভৱনক এৰাই চলিছে বিপিএফৰ তিনি মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.