ETV Bharat / city

GMCH ত দালালৰ দপদপনিৰ পিছতে ঔষধ চুৰি কৰি ধৰা পৰিল ফাৰ্মাচিষ্ট - দৰৱ চুৰিৰ বাবে হাতে-লোটে ধৰা পৰিল ফার্মাচিষ্ট

দালালৰ দপদপনিৰ পাছতে চিকিৎসালয়ত এইবাৰ চোৰৰ দপদপনি ৷ মঙলবাৰে GMCH ৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ পৰা দৰৱ চুৰ কৰি থকা অৱস্থাত (Pharmacist steals medicine from GMCH) হাতে-লোটে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট (GMCH pharmacist arrested for stealing medicines )।

gmch-pharmacist-arrested-for-stealing-medicines
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিল চোৰৰূপী ফাৰ্মাচিষ্ট
author img

By

Published : Jan 6, 2022, 1:48 PM IST

Updated : Jan 6, 2022, 7:01 PM IST

গুৱাহাটী, 6 জানুৱাৰী : গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চৌহদত ক্ৰমাৎ বৃদ্ধি পাইছে অ-সামাজিক কাৰ্যকলাপ ৷ এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ পৰা দৰৱ চুৰ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট (GMCH pharmacist arrested for stealing medicines) ।

মঙলবাৰে GMCH ৰ ফাৰ্মাচীৰ মৃদুল ডেকা নামৰ এগৰাকী ফাৰ্মাচিষ্টে প্ৰায় 50 হাজাৰ টকা মূল্যৰ ঔষধ ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ কেন্দ্ৰীয় ফাৰ্মাচী (Super-speciality Hospital at GMCH) ৰ পৰা চুৰ কৰিছিল ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিল চোৰৰূপী ফাৰ্মাচিষ্ট

এই কথা সদৰী কৰি জিএমচিএইচ-ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ফাৰ্মাচিষ্ট মৃদুল ডেকাৰ এনেধৰণৰ লজ্জাজনক কাৰ্যৰ শাস্তিস্বৰূপে চাকৰিৰ পৰা নিলম্বন কৰিব বুলি জানিবলৈ দিয়ে ৷ লগতে ফাৰ্মাচিষ্ট মৃদুল ডেকাই চুৰি কৰা দৰৱখিনি দুখীয়া লোকৰ চিকিৎসাৰ বাবে আছিল বুলিও সাংবাদিকক জানিবলৈ দিয়ে অধীক্ষক গৰাকীয়ে ৷

ইতিমধ্যে পূৰ্বৰে পৰা ফাৰ্মাচিষ্ট মৃদুল ডেকাৰ বিৰুদ্ধে উত্থাপিত হৈছিল বহু অভিযোগ ৷ যাৰ পৰিপ্ৰেক্ষিতত চোকা দৃষ্টি ৰখা হৈছিল ফাৰ্মাচিষ্ট ডেকাৰ ওপৰত ৷

মঙলবাৰে ডিউটি নথকা অৱস্থাত ডিউটিলৈ অহাত সন্দেহ হৈছিল ফাৰ্মাচিষ্ট মৃদুল ডেকাৰ ওপৰত ৷ এই সন্দেহৰ আৱৰ্ততে হাস্পতালৰ ছিকিউৰিটিয়ে ফাৰ্মাচিষ্ট মৃদুল ডেকাৰ বেগৰ তালাচী চলাই প্ৰায় 50 হাজাৰ টকাৰ দৰৱ উদ্ধাৰ কৰে (Pharmacist steals medicine from GMCH) ৷ পৰৱৰ্তী সময়ত ফাৰ্মাচিষ্ট মৃদুল ডেকাক ভঙাগড় আৰক্ষী থানাত গতাই দিয়ে হাস্পতাল কর্তৃপক্ষই (Pharmacist arrested by Bhangagarh Police) ।

লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত দালালৰ দপদপনি

Last Updated : Jan 6, 2022, 7:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.