ETV Bharat / city

বৰঝাৰ বিমানবন্দৰৰ পৰা মক্কালৈ ৰাওনা উত্তৰ-পূৱৰ প্ৰথমটো হজযাত্ৰীৰ দল - বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানৰে উত্তৰ পূৱৰ প্ৰথমটো দল মক্কালৈ ৰাওনা

বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানৰে মক্কালৈ ৰাওনা উত্তৰ-পূৱৰ প্ৰথমটো হজযাত্ৰীৰ দল ৷ এইবেলি অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ পৰা ৩,৪৪০ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে চৌদি আৰৱৰ মক্কালৈ যাব ।

first batch of NE Haj pilgrims left for Mecca
বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানৰে উত্তৰ পূৱৰ প্ৰথমটো দল মক্কালৈ ৰাওনা
author img

By

Published : Jun 5, 2022, 8:02 PM IST

গুৱাহাটী, ৫ জুন : কভিড-১৯ মহামাৰীৰ বাবে দুবছৰ বিৰতিৰ অন্তত চৌদি আৰৱৰ চৰকাৰে এইবেলি কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে বিশ্বৰ ইছলাম ধৰ্মীলোকসকলক পবিত্ৰ হজ সমাপন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমসহ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা দেওবাৰৰ পৰা আৰম্ভ হৈছে । উল্লেখ্য যে, এইবেলি অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ পৰা ৩,৪৪০ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে চৌদি আৰৱৰ মক্কালৈ যাব ।

দেওবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ (Lokapriya Gopinath Bordoloi International Airport) পৰা উত্তৰ-পূৱৰ হজযাত্ৰীৰ ১৪৯ জনীয়া প্ৰথমটো দল চৌদি আৰব বিমান সেৱাৰ বিশেষ বিমানৰে বিয়লি ১.২০ বজাত মক্কা অভিমুখে ৰাওনা হয় । দিনৰ ১১ বজাত বৰঝাৰ বিমানবন্দৰত স্থাপন কৰা হজযাত্ৰী অভ্যৰ্থনা কক্ষৰ সন্মুখত পতাকা জোকাৰি হজযাত্ৰীৰ দলটোৰ যাত্ৰা শুভাৰম্ভ কৰে অসম চৰকাৰৰ হজ আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minority Minister Chandra Mohan Patowary) ।

এই উপলক্ষে উত্তৰ-পূব হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে হজযাত্ৰীসকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোক সকলোৱে বিশ্বৰ কল্যাণৰ বাবে মক্কাত দোৱা কৰিব বুলি আশা ব্যক্ত কৰে ৷

লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হজযাত্ৰীসকলে মক্কাত থকা সময়ছোৱাত কোনো ধৰণৰ যাতে অসুবিধা নাপাই তাৰ বাবে দিয়া নিৰ্দেশনা সন্দৰ্ভত আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱাই হজযাত্ৰীসকলক অসমৰ উন্নয়নৰ লগতে মুখ্যমন্ত্ৰীয়ে যাতে কাম কৰিবলৈ শক্তি লাভ কৰে তাৰ বাবেও মক্কাত দোৱা কৰিবলৈ আহ্বান জনায় ।

তেনেদৰে হজ কমিটিৰ সদস্য, বিধায়ক ৰেকিবুদ্দিন আহমেদেও অনুষ্ঠানত উপস্থিত থাকি মহান আল্লাই হজযাত্ৰী সকলৰ হজ কবুল কৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত অসম সংখ্যালঘূ উন্নয়ন পৰিষদৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী, সংখ্যালঘু বিভাগৰ সচিব আদিল খান, উপ সচিব আবুল কালাম, উত্তৰ-পূব হজ কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া আবু লেইছ চৌধুৰী, সদস্যদ্বয় ড৹ ফজলুৰ ৰহমান আৰু শ্বহিদুল ইছলাম ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে ।

আনহাতে হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে (North East Haj Pilgrims Reception Committee chairman Nekibur Zaman ) সদৰি কৰা অনুসৰি হজযাত্ৰী সকলৰ বিমান পোনে পোনে মদিনালৈ যাব । তাত নিৰ্দিষ্ট হোটেলত আঠদিন থকাৰ পাছতহে হজযাত্ৰীসকল মক্কালৈ যাব । অসমৰ হজযাত্ৰী সকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থাকিব আৰু হোটেলৰ সন্মুখত গামোচাৰ পতাকা উৰি থাকিব ।

অহাকালিৰ পৰা দৈনিক দুখনকৈ বিশেষ বিমানৰে ৩০০ জনকৈ হজযাত্ৰী মদিনালৈ যাত্ৰা কৰিব আৰু এই যাত্ৰা অহা ১৭ জুনলৈকে চলি থাকিব ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ পৰা চিআৰপিএফৰ গাড়ী চালকে চুৰি কৰিলে মিউজিক চিষ্টেম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.