ETV Bharat / city

আহত ছাত্ৰক প্ৰহাৰ কৰি বিতৰ্কত শ্ৰীসত্যম চিনিয়ৰ চেকেণ্ডেৰী স্কুল

আঘাতপ্ৰাপ্ত ছাত্ৰক প্ৰহাৰ কৰি আইনৰ ৰোষত মহানগৰীৰ এখন বিদ্যালয়ৰ শিক্ষক । আদাবাৰী তিনিআলিস্থিত শ্ৰী সত্যম চিনিয়ৰ চেকেণ্ডেৰী স্কুলত আহত ছাত্ৰক প্ৰহাৰ কৰাত ক্ষোভিত অভিভাৱক৷

আহত ছাত্ৰক প্ৰহাৰ কৰি বিতৰ্কত মালিগাঁৱৰ শ্ৰীসত্যম চিনিয়ৰ চেকেণ্ডেৰী স্কুল
author img

By

Published : Aug 25, 2019, 4:44 PM IST

Updated : Aug 25, 2019, 6:05 PM IST

গুৱাহাটী, 25 আগষ্টঃ হোমৱৰ্ক সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবেই আঘাতপ্ৰাপ্ত ছাত্ৰক প্ৰহাৰ শিক্ষকৰ৷ আদাবাৰী তিনিআলিস্থিত শ্ৰী সত্যম চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক প্ৰহাৰৰ অভিযোগত এজাহাৰ দাখিল৷ উল্লেখ্য যে, গৰম বন্ধৰ সময়ছোৱাত খেলি থাকোতে ছাত্ৰজন আঘাতপ্ৰাপ্ত হয় । যাৰ বাবে অসম্পূৰ্ণ হৈ ৰয় হোমৱৰ্ক। ছাত্ৰজনৰ মাতৃয়ে এই কথা স্কুল কৰ্তৃপক্ষক জনায় যদিও এগৰাকী শিক্ষয়িত্ৰীয়ে আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ হাতত প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে৷ তাৰোপৰি বিদ্যালয়ত প্ৰৱেশটো নিষিদ্ধ কৰে ছাত্ৰজনে ।

আহত ছাত্ৰক প্ৰহাৰ কৰি বিতৰ্কত শ্ৰীসত্যম চিনিয়ৰ চেকেণ্ডেৰী স্কুল

এই ঘটনাৰ পিছতেই ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোক৷ আনহাতে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে ৷ উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

Intro:অসুস্থ ছাত্ৰক প্ৰহাৰ কৰি আইনৰ ৰোষত মহানগৰীৰ এখন বিদ্যালয়। আদাবাৰী তিনিআলিস্থিত শ্ৰী সত্যম চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত আহত ছাত্ৰক প্ৰহাৰৰ ঘটনা সংঘটিত হয়। স্কুলখনৰ চতুৰ্থ শ্ৰেণীৰ কুশাল চাহ নামৰ ছাত্ৰজনক গৰম বন্ধ হোমৱৰ্ক কৰিব দিছিল শিক্ষকে।

Body:কিন্তু গৰম বন্ধৰ সময়ছোৱাত খেলি থাকোঁতে ছাত্ৰজন আঘাতপ্ৰাপ্ত হয়। যাৰ বাবে অসম্পূৰ্ণ হৈ ৰয় হোমৱৰ্ক। এই কথা স্কুল কৰ্তৃপক্ষক জনাই যদিও শিক্ষয়ত্ৰী ৰীনা দেৱীয়ে আঘাতপ্ৰাপ্ত ছাত্ৰজনক প্ৰহাৰ কৰে। আঘাট পোৱা হাতখনতেই চেকনিৰে কোবাই ছাত্ৰজনক। তাৰোপৰি বিদ্যালয়ত প্ৰৱেশটো নিষিদ্ধ কৰে ছাত্ৰজনৰ। এই ঘটনাৰ পিছতেই পৰিয়ালৰ লোক ক্ষোভ ফাটি পৰে। পৰিয়াল ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। উল্লেখযোগ্য যে ব্যক্তিগত খণ্ডৰ একাংশ এনে বিদ্যালয়ে শিক্ষাদানৰ নামত মইমতালি চলাৰো অভিযোগ উত্থাপিত হৈছে।

Conclusion:HIRUL HAQUE I GUWAHATI
Last Updated : Aug 25, 2019, 6:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.