ETV Bharat / city

৩৪ গৰাকী অসম বিত্ত সেৱা বিষয়াক নিযুক্তিপত্ৰ বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

author img

By

Published : Aug 24, 2021, 9:20 PM IST

Updated : Aug 24, 2021, 9:33 PM IST

নৱনিযুক্ত বিষয়াসকলক ৰাইজৰ স্বার্থত স্বচ্ছ আৰু নিকাভাবে কাম কৰিবলৈ আহ্বান। বিত্ত বিভাগক তৃণমূল পর্যায়ৰ পৰা আৰু অধিক শক্তিশালী কৰাৰ স্বার্থত ৰাইজৰ সুবিধা হোৱাকৈ গঢ়িবলৈ বিত্ত বিভাগে ইতিমধ্যে আৰু ৪০ গৰাকী অসম বিত্ত সেৱা বিষয়া বাছনি কৰিবৰ বাবে অসম লোকসেৱা আয়োগক অনুৰোধ জনাইছে ।

৩৪ গৰাকী অসম বিত্ত সেৱা বিষয়াক নিযুক্তিপত্র বিতৰণ বিত্ত মন্ত্রী অজন্তা নেওগৰ
finance-minister-distribute-appointment-latter

গুৱাহাটী, ২৪ আগষ্টঃ জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত মঙলবাৰে আয়োজন কৰা এখন সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে অসম লোকসেৱা আয়োগৰ দ্বাৰা বাছনিপ্ৰাপ্ত ৩৪ গৰাকী অসম বিত্ত সেৱাৰ বিষয়াক আনুষ্ঠানিকভাবে নিযুক্তি প্ৰত্ৰ বিতৰণ কৰে । এই নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী গৰাকীয়ে নৱনিযুক্ত বিষয়াসকলক ৰাইজৰ স্বার্থত স্বচ্ছ আৰু নিকাভাৱে কাম কৰিবলৈ আহ্বান জনায় ।

তেওঁ লগতে উল্লেখ কৰে যে, বিত্ত আৰু গাণনিক বিষয়াসকল বিভাগটোৰ কার্য পৰিচালনাৰ বাবে অতি প্ৰয়োজনীয় । তেওঁলোকৰ কার্যদক্ষতাৰ ওপৰতে বিভাগটোৰ গতিশীলতা বহু পৰিমাণে নির্ভৰশীল । ৰাইজৰ স্বার্থত এই কথাখিনি নিজৰ নিজৰ কার্যালয়ত প্ৰতিফলতি কৰিবৰ বাবে প্ৰতিটো কর্মদিনতে যাতে চেষ্টা অব্যাহত ৰাখে তাৰ বাবে নৱনিযুক্ত বিষয়াসকলক পৰামৰ্শ দিয়ে বিত্তমন্ত্ৰী গৰাকীয়ে ৷

finance minister distribute appointment latter
৩৪ গৰাকী অসম বিত্ত সেৱা বিষয়াক নিযুক্তিপত্ৰ বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

লগতে পঢ়কঃ অসম-মেঘালয় সীমান্তত খাচী লোকৰ উপদ্ৰৱ: ভাঙি চুৰমাৰ অসম আৰক্ষীৰ শিবিৰ

ইয়াৰ লগে লগে নৱনিযুক্ত বিষয়াসকলে নিষ্ঠা, আন্তৰিকতা আৰু অধিক দায়বদ্ধতাৰে কার্য সম্পাদন কৰি ৰাজ্যখনৰ সামগ্ৰীক উন্নয়ন ত্বৰান্বিত কৰিবলৈ সেৱা আগবঢ়াব বুলি বিত্তমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে । উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি প্ৰয়োজন অনুসৰি অসম বিত্ত সেৱা বিষয়াৰ নাটনি আছিল আৰু আজি এই নিযুক্তিৰ পিছতেই সেই অসুবিধা কিছু পৰিমাণে লাঘব হ'ব ।

বিত্ত বিভাগক তৃণমূল পর্যায়ৰ পৰা আৰু অধিক শক্তিশালী কৰাৰ স্বার্থত ৰাইজৰ সুবিধা হোৱাকৈ গঢ়িবলৈ বিত্ত বিভাগে ইতিমধ্যে আৰু ৪০ গৰাকী অসম বিত্ত সেৱা বিষয়া বাছনি কৰিবৰ বাবে অসম লোকসেৱা আয়োগক অনুৰোধ জনাইছে ৷ মঙলবাৰে নিযুক্তি প্ৰত্ৰ বিতৰণ অনুষ্ঠানত বিত্ত বিভাগৰ সচিব ক্ৰমে দিলীপ কুমাৰ বৰা, ইছফাকুৰ ৰহমানকে ধৰি বিত্ত বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়কঃ নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

Last Updated : Aug 24, 2021, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.