ETV Bharat / city

Fake PhD degree: 70 গৰাকী কলেজ শিক্ষকৰ ভৱিষ্যৎ সন্দিহানত - Fake PhD degree

সন্দেহজনক পি এইচ ডি ডিগ্ৰীৰে (Doubtful PhD holders) ৰাজ্যৰ মহাবিদ্যালয়সমূহত কৰ্মৰত হৈ থকা ৭০ গৰাকী সহকাৰী অধ্যাপক আৰু গ্ৰন্থগাৰিকৰ নথি পৰীক্ষাৰ বাবে উচ্চ শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰিছে চমন । ভুৱা পি এইচ ডি ডিগ্ৰীধাৰীৰ বিৰুদ্ধে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে গ্ৰহণ কৰিছে কঠোৰ স্থিতি (Higher education department strict against fake degree)।

Fake PhD degree
Fake PhD degree
author img

By

Published : Jul 19, 2022, 10:10 PM IST

গুৱাহাটী, 19 জুলাই: ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ ভুৱা ডিগ্ৰীধাৰী তথা ভুৱা পি এইচ ডি ডিগ্ৰীধাৰীৰ বিৰুদ্ধে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে গ্ৰহণ কৰিছে কঠোৰ স্থিতি (Higher education department strict against fake degree) । সন্দেহজনক পি এইচ ডি ডিগ্ৰীৰে ৰাজ্যৰ মহাবিদ্যালয় সমূহত কৰ্মৰত হৈ থকা এনে শিক্ষকক বিচাৰি উলিয়াই তেনে ৭০ জন সহকাৰী অধ্যাপক আৰু গ্ৰন্থগাৰিকৰ নথি পৰীক্ষাৰ বাবে উচ্চ শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰিছে চমন ।

চমন লাভ কৰা তেনে শিক্ষকে মঙলবাৰে গুৱাহাটীস্থিত মিছন সঞ্চালকালয় কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয় । সন্দেহজনক পি এইচ ডি ডিগ্ৰী থকা (Doubtful PhD holders) তেনে শিক্ষকে বিশেষ স্ক্ৰিণিং কমিটিৰ সন্মুখত শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বীট, প্ৰমাণপত্ৰ, মহাবিদ্যালয় জইনিং লেটাৰ আদি বিভিন্ন নথি-পত্ৰ প্ৰদৰ্শন কৰে । এই কমিটিয়ে মঙলবাৰে পুৱা ১০ বজাৰ পৰা দুটা পৰ্যায়ত এবাৰত ৩৫ গৰাকীকৈ শিক্ষকৰ প্ৰমাণ পত্ৰ সমূহৰ পৰীক্ষণ কৰে ৷

আনহাতে, পুনৰ দিনৰ ১.৩০ বজাৰ পৰা বিশেষ স্ক্ৰিণিং কমিটিয়ে দ্বিতীয় পৰ্যায়ত আন ৩৫ গৰাকীক পৰীক্ষণ কৰে । স্ক্ৰিণিং কমিটিয়ে দাখিল কৰিব লগীয়া প্ৰতিবেদনে নিৰ্ণয় কৰিব প্ৰকৃততে কাৰ ডিগ্ৰী সঁচা, কাৰ মিছা ।

উল্লেখ্য যে, শিক্ষা বিভাগে চমন জাৰি কৰা নতুন প্ৰাদেশিকীকৰণ হোৱা ৰাজ্যৰ ৪২ খন মহাবিদ্যালয়ৰ ৭০ গৰাকী অধ্যাপক তথা লাইব্ৰেৰিয়ানৰ স্নাতকোত্তৰ আৰু পি.এইচ.ডি ডিগ্ৰীৰ পৰীক্ষণত যদি শুদ্ধ প্ৰমাণিত হয়, তেনেহ’লে তেওঁলোকৰ প্ৰাদেশিকীকৰণৰ পথ মুকলি হ’ব ৷ অনথ্যা ভুৱা প্ৰমাণিত হ’লে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে । স্বাভাৱিকতে ৭০ কলেজ শিক্ষকৰ নথি পৰীক্ষণক লৈ এতিয়া ৰাজ্যৰ শৈক্ষিক মহলত চলিছে ব্যাপক চৰ্চা ।

লগতে পঢ়ক : APSC Scam: বক্ৰ পথেৰে চাকৰি লোৱা আৰু 11 জনলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ চমন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.