গুৱাহাটী, 31 আগষ্ট : শনিবাৰে পুৱা ভাগতে প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি ৷ তিনিটা দশক জোৰা দাবীৰ অন্তত অসমে এন আৰ চি লাভ কৰিলেও সন্তুষ্ট নহ'ল সাধাৰণ জনগণ ৷ মহানগৰীৰ আমবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদে এন আৰ চিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ সংগঠনটোৱে ৰাজপথতে দাহ কৰিলে এন আৰ চিৰ প্ৰতিলিপি ৷
অসমীয়া জাতি সুৰক্ষাৰ বাবে এন আৰ চি কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি প্ৰতীক হাজেলা আৰু মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সংগঠনটোৰ সদস্যসকলে ৷ কেৱল ইমানেই নহয়, অসমৰ বাবে শনিবাৰৰ দিনটো ক'লা দিন হিচাপে আখ্যা দিলে সংগঠনটোৱে । তাৰোপৰি, কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে । এন আৰ চি কৰ্তৃপক্ষ আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিলে পৰিবেশ ৷ অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিভাগ উপস্থিত হৈ প্ৰতিবাদকাৰীক আটক কৰি লতাশিল আৰক্ষী থানালৈ লৈ যোৱা হয় ৷