ETV Bharat / city

Elevated road junction at Bharalumukh : ভৰলুমুখত নিৰ্মাণ হ'ব এলিভেটেড ৰোড জংচন - পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চ

মাৰ্চ মাহৰ পৰা ভৰলুমুখত এলিভেটেড ৰোড জংচন নিৰ্মাণৰ কাম আৰম্ভ হ'ব (Elevated Road Junction to be constructed at Bharalumukh) ৷ পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চ (Pachim Guwahati Nagorik Sajagata Mancha) ই বিগত বৰ্ষৰ শেষৰফালে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই জংচনটো নিৰ্মাণ কৰিবলৈ এক প্ৰস্তাৱ দাখিল কৰিছিল ৷

assam-govt-has-approved-the-construction-of-elevated-road-junction-over-railway-gate-at-bharalumukh
ভৰলুমুখত নিৰ্মাণ হ'ব এলিভেটেড ৰোড জংচন
author img

By

Published : Jan 23, 2022, 1:28 PM IST

গুৱাহাটী, 23 জানুৱাৰী : ভৰলুমুখত নিৰ্মাণ হ'ব এলিভেটেড ৰোড জংচন ৷ মহানগৰীৰ ভৰলুমুখ অঞ্চলত ৰে’লগেট বন্ধ হোৱাৰ ফলত তীব্ৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে এলিভেটেড ৰোড জংচন নিৰ্মাণ কৰিবলৈ বিগত কিছুদিন আগতে সন্মতি প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷

জানিব পৰা মতে, পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চ (Pachim Guwahati Nagorik Sajagata Mancha) ই বিগত বৰ্ষৰ 5 নৱেম্বৰত ভৰলুমুখ আৰ কে চৌধুৰী পথ-এম জি ৰোড সংযোগী স্থানৰ 9 নম্বৰ ৰে’লগেটৰ ওপৰত এলিভেটেড ৰোড জংচন নিৰ্মাণ সম্পৰ্কে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল ৷

ভৰলুমুখত নিৰ্মাণ হ'ব এলিভেটেড ৰোড জংচন

দলটোৱে জ্যেষ্ঠ পৰামৰ্শদাতা অভিযন্তা তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জ্যেষ্ঠ কাৰিকৰী উপদেষ্টা অভিযন্তা জে এন খাটনিয়াৰে (GMDA Senior Technical Advisor JN Khatoniar) তৈয়াৰ কৰা এলিভেটেড ৰোড জংচনৰ নক্সা উপস্থাপন কৰিছিল মুখ্যমন্ত্ৰীৰ আগত । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ভৰলুমুখত এলিভেটেড ৰোড জংচন নিৰ্মাণৰ ক্ষেত্ৰত অনুমোদন জনায় ।

অভিযন্তা জে এন খাটনিয়াৰে এই প্ৰসংগত কয় যে, ভৰলুমুখত নিৰ্মাণ হ'বলগীয়া এই এলিভেটেড ৰোড জংচনৰ মাজত এটা 35 মিটাৰ ওখ বিদ্যুৎ সংযোগী পদুম ফুল থাকিব ৷ এই পদুম ফুলটো কামাখ্যা আৰু উত্তৰ গুৱাহাটীৰ পৰাও দেখা পোৱা যাব ৷ লগতে এই এলিভেটেড ৰোড জংচনটো ভৰলুমুখ পুলিচ পইণ্টৰ পৰা 10 মিটাৰ ওপৰেৰে নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে অভিযন্তাজনে ।

ইয়াৰোপৰি ভৰলুমুখৰ 9 নং ৰে’লগেটেৰে 24 ঘণ্টাত বহুকেইখন ৰে’ল অহা-যোৱা কৰে ৷ যাৰ ফলত পথচাৰীৰ লগতে যান-বাহন আৰহীয়ে বহুসময় অপেক্ষা কৰিবলগীয়া হোৱাত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হয় পথচাৰীৰ লগতে যান-বাহন আৰোহীসকল ৷ এই সমস্যা সমাধানৰ বাবেই প্ৰায় 300 কোটি টকা ব্যয় কৰি এই এলিভেটেড ৰোড জংচনটো নিৰ্মাণ কৰা হ'ব ৷ মাৰ্চ মাহৰ পৰা ভৰলুমুখত এই এলিভেটেড ৰোড জংচন নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Covid 19 Update in Assam : কামৰূপ(ম) ত বৃদ্ধি হৈয়ে আছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.