নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী : ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচনৰ দিন ৷ তিনিটা পৰ্যায়ত মুঠ 126 টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ প্ৰথম পৰ্যায় 47 টা সমষ্টিত 27 মাৰ্চৰ দিনা অনুষ্ঠিত হ'ব ৷ 39 টা সমষ্টিত 1 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায় ৷ আনহাতে, তৃতীয় তথা অন্তিম পৰ্যায় 40 টা সমষ্টিত অনুষ্ঠিত হ'ব 6 এপ্ৰিলত ৷ লগতে 2 মে'ৰ দিনা ভোট গণনা হ'ব বুলি এক সংবাদমেল যোগে জানিবলৈ দিয়ে ভাৰতীয় নিৰ্বাচন আয়োগে ৷
প্ৰথম পৰ্যায়ত উত্তৰ অসম আৰু উজনি অসমৰ জিলাসমূহ, দ্বিতীয় পৰ্যায়ত বৰাক উপত্যকা, দুখন পাৰ্বত্য জিলা, দৰং আৰু নলবাৰী আৰু তৃতীয় পৰ্যায়ত নামনি অসমৰ জিলাসমূহত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷
মুখ্য নিৰ্বাচন আয়ুক্ত সুনিল অৰোৰাই সংবাদমেলত মন্তব্য কৰে যে, যিহেতু অসমক বৃহস্পতিবাৰৰ দিনা অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল সেয়েহে অসমত দুটাৰ সলনি তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব ৷
সুনিল অৰোৰাই সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে, অসমৰ লগতে কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ ক'ভিড প্ৰট'কলৰ মাজেৰে অসমৰ 33 হাজাৰটা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি পোলিং ষ্টেচনৰ সংখ্যা বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে সুনিল অৰোৰাই ৷ সকলোবোৰ পোলিং ষ্টেচন গ্ৰাউণ্ড ফ্লৰত হোৱাটো বাধ্যতামূলক ৷
31 মে'ত সমাপ্ত হ'ব অসম বিধানসভাৰ সময়সীমা ৷ 80 বছৰৰ ওপৰৰ ভোটাৰসকলে পোষ্টেল বেলটৰ সুবিধা লাভ কৰিব ৷ ভোট গ্ৰহণৰ সময় বৃদ্ধি কৰা হৈছে 1 ঘন্টা ৷ ঘৰে ঘৰে চলোৱা প্ৰচাৰত প্ৰাৰ্থীসহ মুঠ পাঁচজন লোক উপস্থিত থাকিব পাৰিব ৷ মনোনয়ন দাখিলৰ সময়ত মাত্ৰ দুজন লোকক উপস্থিতিৰ অনুমতি প্ৰদান কৰা হৈছে ৷ স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত ৱেব কাষ্টিঙৰ ব্যৱস্থা থাকিব ৷ এছ শ্ৰীনিবাসনক অসমৰ জেনেৰেল অৱজাৰ্ভাৰ আৰু নিনা নিগমক অসমৰ আইপিএছ অৱজাৰ্ভাৰ হিচাপে প্ৰেৰণ কৰা হ'ব ৷ জিলা, ৰাজ্যিক পৰ্যায়ত নিয়োগ কৰা হ'ব স্বাস্থ্য বিষয়া ৷
উল্লেখ্য যে, দেশৰ মুঠ 824 টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ সকলো নিৰ্বাচনী বিষয়াক প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন ৷ এপযোগে অভিযোগ দিব পাৰিব ভোটাৰসকলে ৷
লগতে পঢ়ক : নিৰ্বাচনৰ দিন ঘোষণা: কাৰ্যকৰী হ'ল নিৰ্বাচনী আচৰণ বিধি