ৰঙিয়া, 31 মে': কৰ'ণাক লৈ চৌদিশে আতংকময় পৰিৱেশ । চৰকাৰে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা । চৰকাৰৰ নীতি নিৰ্দেশনা জাৰি হোৱাৰ পিছতে ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰঙিয়াৰ ই-ৰিক্সা চালকসকল । চালক সকলে ৰাতিপুৱা ৫ বজাৰ পৰা দুপৰীয়া ১১ বজালৈ অপেক্ষা কৰিছে যাত্ৰীলৈ । কিন্তু ৬ ঘন্টা অপেক্ষা কৰিও এগৰাকী যাত্ৰী কঢ়িয়াব নোৱাৰে চালকসকলে ।
প্ৰতিদিনে ৰাতিপুৱা ই-ৰিক্সাখন লৈ ষ্টেণ্ডত অপেক্ষা কৰিও খালী হাতে উভতিছে চালক সকল । চলকসকলে যাত্ৰী পালেও দুজন যাত্ৰীহে নিব পাৰে ক’ভিডৰ নীতি নিয়মৰ বাবে । ইয়াৰ লগতে বৰ্তমান ক'ভিডৰ পৰিস্থিতিৰ বাবে বেছিভাগ লোকেই ৰাজহুৱা পৰিবহন ব্যৱস্থাৰে যাতায়ত কৰিবলৈ ভয় কৰা হৈছে । গতিকে দিনটোৰ শেষত ই-ৰিক্সা চালকসকল একপ্ৰকাৰৰ খালী হাতে ঘৰলৈ উভতিবলগীয়া হৈছে ।
তদুপৰি ঘৰত যোৱাৰ পিছতেই আকৌ বন্ধন বেংক অথবা আৰোহন বেংকৰ টকা বিচাৰি অহা লোকৰ কথা শুনিবলৈ বাধ্য হৈছে । কিয়নো ঋণ পৰিশোধ কৰিব পৰা নাই এইসকল দুৰ্ভগীয়া চালকে । আৰ্থিক দুৰৱস্থাৰ বাবে এই সকল লোকে পৰিয়াল পোহপাল দিব নোৱাৰি হতাশ হৈ পৰিছে ৷ লগতে ঋণৰ বাবেও যথেষ্ট অসুবিধা হৈছে এইসকল লোক ।
লগতে পঢ়ক : নিজৰ ঘৰৰ দৰে কাৰ্যালয়ত কাম কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে : পীযুষ হাজৰিকা