ETV Bharat / city

চমক নহয়, আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিব নাৰেংগী দুৰ্গা পূজা সমিতিয়ে

author img

By

Published : Sep 9, 2021, 9:03 PM IST

ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতেই চৰকাৰী SOP মানি শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ প্ৰস্তুতি ৫৬ সংখ্যক নাৰেংগী দুৰ্গা পূজা সমিতিৰ । বৃহস্পতিবাৰে দূর্গাপূজাৰ লাইখুটা স্থাপনৰে দেৱীক আদৰিবলৈ সাজু সমিতিৰ বিষয়ববীয়া ।

চমক নহয়, আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিব নাৰেংগী দুৰ্গা পূজা সমিতিয়ে
চমক নহয়, আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিব নাৰেংগী দুৰ্গা পূজা সমিতিয়েচমক নহয়, আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিব নাৰেংগী দুৰ্গা পূজা সমিতিয়ে

গুৱাহাটী,9 ছেপ্তেম্বৰ: শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো আৰু এটা মাহ বাকী । আনহাতে ক'ভিডকালীন পৰিস্থিতিৰ মাজতো শাৰদীয় দুৰ্গা পূজাক আদৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ ।

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'ভিড প্ৰট’কল মানি এইবাৰ ৰাজ্যত দুৰ্গা পূজা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণাৰ পিছতে দেৱীক আদৰিবলৈ সাজু হৈছে ৰাজ্যৰ দুৰ্গাপূজা সমিতি সমূহ ।

চমক নহয়, আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিব নাৰেংগী দুৰ্গা পূজা সমিতিয়ে

তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীতো আৰম্ভ হৈছে দুৰ্গা পূজাক আদৰিবলৈ ব্যাপক আয়োজন । ক’ভিড সৃষ্ট পৰিবেশৰ মাজতেই চৰকাৰী SOP মানি শাৰদীয় দুৰ্গোৎসব আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে মহানগৰীৰ অন্যতম পুৰণি পূজা সমিতি নাৰেংগী দুৰ্গা পূজা সমিতি ।

লগতে পঢ়কঃ মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য

উল্লেখযোগ্য যে, এইবাৰ ৫৬ সংখ্যক বৰ্ষত ভৰি দিবলগীয়া নাৰেংগী দুৰ্গা পূজা সমিতিয়ে এই বেলি প্ৰায় চাৰি লাখ টকাৰ বাজেটেৰ সাজু হৈছে শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ। পূজা সমিতিখনে জানিবলৈ দিয়া অনুসৰি অৱশ্যে চমকৰ বিপৰীতে এইবাৰ আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিব বুলি উল্লেখ কৰিছে ।

ইফালেদি দেৱীক আদৰৰ প্ৰস্তুতিৰ অংশ স্বৰূপে বৃহস্পতিবাৰে নাৰেংগী তিনি আলিত থকা নাৰেংগী দুৰ্গা পূজা সমিতিৰ দুৰ্গা পূজা মণ্ডপৰ লাই খুটা স্থাপন কৰা হয়। ধৰ্মীয় ৰীতি নীতি অনুসৰি পূজা সমিতিৰ বিষয় ববীয়াৰ উপস্থিতিত লাই খুটা স্থাপন কৰে পূজা সমিতিৰ সভাপতি মথুৰা মোহন কলিতাই ।

উল্লেখযোগ্য যে, অহা 11 অক্টোবৰ পৰা 14 অক্টোবৰ লৈ ৰাজ্যত অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গা পূজা ।

লগতে পঢ়কঃ জল পৰিবহণ উন্নয়নৰ বাবে বিশ্ব বেংকে দিয়া ধন ক'লৈ গ'ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.