গুৱাহাটী, ৩১ অক্টোবৰ : ৰাজধানী দিছপুৰ অঞ্চলক যান-জঁটৰ সমস্যাৰ পৰা মুক্ত কৰি ৰখাৰ বাবে নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতুখন ৩ নৱেম্বৰৰ দিনা ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰা হ’ব । অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে সেইদিনা বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাংগলিক কাৰ্যৰ মাজেৰে উৰণীয়া সেঁতুখন ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰিব ।
![dispur fly over will open from 3rd november](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flyover-at-dispur-will-open-in-october-3-7209925_31102021131729_3110f_1635666449_1026.jpg)
লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইফালে লোকনিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই জানিবলৈ দিয়া মতে, ইতিমধ্যে উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে ৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা কৰা অনুসৰি অহা ৩ নৱেম্বৰত যাতে যান বাহনৰ চলাচলৰ বাবে মুকলি কৰিব পাৰে তাৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে । আনকি লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৭ অক্টোবৰৰ নিশা দিছপুৰ লাষ্টগেটৰ দিশৰ পৰা হঠাৎ উৰণীয়া সেঁতুত উপস্থিত হয় ।
![dispur fly over will open from 3rd november](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flyover-at-dispur-will-open-in-october-3-7209925_31102021131729_3110f_1635666449_436.jpg)
তেওঁৰ কনভয়টো উৰণীয়া সেঁতুৰ ওপৰৰে পাৰ হৈ জি এছ ৰোডেৰে জনতা ভৱনলৈ যায় যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি উৰণীয়া সেঁতুখন পৰিদৰ্শন কৰি জনতা ভৱনলৈ আহে । পৰিদৰ্শন কালত উৰণীয়া সেঁতু নিৰ্মাণৰ ঠিকা লাভ কৰা অসমীয়া স্থানীয় ঠিকাদাৰ অনিল দাস, সেঁতুখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় বিশ্বজিৎ কলিতা আৰু প্ৰাণজিত তালুকদাৰ, সহকাৰী অভিযন্তাদ্বয় ৰূপক ডেকা আৰু আবু চৈয়দ, কনিষ্ঠ অভিযন্তা বুৰহান আহমেদকে ধৰি নিৰ্মাণ কাৰ্যৰ তদাৰক তথা পৰ্যবেক্ষণ কৰি থকা সকলোৰে সৈতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰায় ৪০ মিনিট সময় উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত মত বিনিময় কৰে ।
ড॰ শৰ্মাই ঠিকাদাৰ অনিল দাস আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক এটা দলৰ দৰে কাম কৰি নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা বিষয়টোৰ ভূয়সী প্ৰশংসা কৰে ৷ উল্লেখ যে, ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই সদৰি কৰা অনুসৰি, দুইলেন যুক্ত সেঁতুখনৰ মুঠ দৈৰ্ঘ ১,২০৫ মিটাৰ ।
![dispur fly over will open from 3rd november](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flyover-at-dispur-will-open-in-october-3-7209925_31102021131729_3110f_1635666449_1040.jpg)
উৰণীয়া সেঁতুখনৰ নিৰ্ধাৰিত নিৰ্মাণ কাৰ্য তিনি বছৰ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়তকৈ প্ৰায় ১৪ মাহ পূৰ্বে সম্পূৰ্ণ হোৱাটো অসমৰ লোক নিৰ্মাণ বিভাগৰ ইতিহাসত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হৈছে । ইয়াৰ উপৰিও উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্যত প্ৰতিটো খণ্ডতে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগীয় অভিযন্তা-বিষয়াসকলে নিশাৰ ভাগতো উৰণীয়া সেঁতুলৈ আহি নিৰ্মাণ কাৰ্য তদাৰক কৰি আছে । বৰ্তমান ওপৰৰ অংশৰে বাহন চলাব পৰা হৈছে । মুঠ ২৫ টা স্পান থকা উৰণীয়া সেঁতুখনত সৌন্দৰ্য বৰ্ধনৰ বাবে পেইণ্টিং, পোহৰৰ বাবে ষ্ট্ৰীট লাইট আৰু সুৰক্ষাৰ বাবে ফেন্সিং স্থাপনৰ কামো সম্পূৰ্ণ কৰি তোলা হৈছে ।
![dispur fly over will open from 3rd november](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-flyover-at-dispur-will-open-in-october-3-7209925_31102021131729_3110f_1635666449_63.jpg)
আনকি উৰণীয়া সেঁতুখনৰ আধাতকৈ বেছি অংশত অসমকে ধৰি উত্তৰ-পূৱৰ বাৰে ৰহনীয়া কলা-কৃষ্টি, লোক কৃষ্টি, সংস্কৃতি প্ৰতিফলিত হোৱাকৈ চিত্ৰ অংকন কৰা হৈছে । তেনেদৰে সমগ্ৰ সেঁতুখন নিশাৰ ভাগত পোহৰাই ৰাখিবৰ বাবে উচ্চক্ষমতা সম্পন্ন এল ই ডি লাইট স্থাপন কৰা হৈছে । আনহাতে, উৰণীয়া সেঁতুখন যাতায়াতৰ বাবে মুকলি হ'লে যান-জঁটৰ সমস্যাৰ পৰা ৰাইজে সকাহ লাভ কৰাৰ লগতে সময় ৰাহি হ’ব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : এইবাৰ মাজুলীৰ উপ নিৰ্বাচন : অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব কোন ?