ETV Bharat / city

স্বগৃহত শ্বহীদ সুনীল কলিতাৰ নিথৰ দেহ - Martyrs

ঝাৰখণ্ডত মাওবাদীৰে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অৱশেষত মৃত্যুক সাৱটি লৈছিল চি আৰ পি এফত কৰ্মৰত অসম সন্তান সুনীল কলিতাই ৷

নিজগৃহলৈ লৈ যোৱা হ'ল সুনীলক
author img

By

Published : Jun 15, 2019, 11:05 AM IST

আমিনগাঁও, 15 জুনঃ বিগত 28 মে'ত ঝাৰখণ্ডত হোৱা মাওবাদী আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল চি আৰ পি এফত কৰ্মৰত অসম সন্তান সুনীল কলিতা ৷ উচ্চশিক্ষিত তথা এগৰাকী সুদক্ষ ক্ৰিকেট খেলুৱৈ সুনীল কলিতাই 2011 চনত নিজ দক্ষতাৰ বলতেই যোগদান কৰিছিল চিআৰপিএফত ৷ বাহিনীটোৰ 209 বেটেলিয়নৰ এগৰাকী কোব্ৰা কামাণ্ডো আছিল কলিতা ৷

নিজগৃহলৈ লৈ যোৱা হ'ল সুনীলক

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কলিতাক নতুন দিল্লীস্থিত এইমছত ৰখা হৈছিল ৷ এইমছত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় কলিতাই ৷ দুমাহপূৰ্বে বিবাহপাশত আবদ্ধ হোৱা সুনীল কলিতাই ছুটীত আহি অভ্যৰ্থনা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও দেশমাতৃৰ বাবে নিজৰ জীৱন ত্যাগ কৰি এইদৰেই এটি নিথৰ মৃতদেহ হৈ ঘৰলৈ উভটি আহে ৷ এইদৰে নাৰায়না চুপাৰস্পেচিয়েলিটি হস্পিতালৰ পৰা কলিতাৰ নশ্বৰদেহ নিজ বাসগৃহলৈ লৈ যোৱা হয় ৷

Slug : amingaon sunil kalita deadbody .

অসমৰ বীৰ সন্তান সুনীল কলিতাৰ নশ্বৰ দেহ ইতিমধ্যে
 আমিনগাওঁ স্থিত নাৰায়না চুপাৰ স্পেচিলিটি হাস্পিতালৰ মৰ্গৰ পৰা আজি ৰাতিপুৱা  স্ব গৃহলৈ লৈ যায় শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ ।স্ব গৃহ ভূমিত সামৰিক মৰ্যদাৰে অন্তষ্টি ক্ৰিয়া সম্পন্ন কৰা হব ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.