ETV Bharat / city

বাথা নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ - NDRF

অৱশেষত উদ্ধাৰ হ'ল দক্ষিণ কামৰূপৰ বাথা নৈত পিছলি পৰি সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ । শুকুৰবাৰৰ পৰাই নদীৰ বুকুত সন্ধানহীন হৈ আছিল যুৱকজন ৷

বাথা নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Aug 4, 2019, 5:47 PM IST

দক্ষিণ কামৰূপ, 4 আগষ্টঃ যোৱা শুকুবাৰৰ পৰা দক্ষিণ কামৰূপৰ লোহাৰঘাট বাতাবাৰীৰ বাথা নৈত পৰিয়ালৰ দুই ভাই-ভনীৰ সৈতে নামি ভৰি ধুই থকাৰ সময়ত দুৰ্ভাগ্যবশত নৈৰ সোঁতত উটি সন্ধানহীন হোৱা মহানগৰীৰ মঠঘৰীয়াৰ যুৱক স্বৰূপ সূত্ৰধাৰৰ মৃতদেহ দেওবাৰে নদীখনৰ পানী যুৱলিত উদ্ধাৰ হয় ৷ ঘটনা সংঘটিত হোৱাৰ দিনাই আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ অভিযান চলাই যদিও বিশেষ কোনো শুং-সূত্ৰ নোপোৱাত NDRFৰ সহযোগত অভিযান চলাই 48 ঘন্টাৰ পাচত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনৰ মৃতদেহ । যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

Intro:অৱশেষত উদ্ধাৰ হ'ল দক্ষিণ কামৰূপৰ বাথা নৈত ভৰি ধুবলৈ গৈ পিছলি পৰি সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ ।Body:Ocvo..অৱশেষত উদ্ধাৰ হ'ল দক্ষিণ কামৰূপৰ বাথা নৈত ভৰি ধুবলৈ গৈ পিছলি পৰি সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ । যোৱা শুক্ৰবাৰে নুনমাটিৰ আৰু মধঘড়ীয়াৰ পৰা ফুৰিবলৈ আহিছিল দক্ষিণ কামৰূপৰ লোহাৰঘাট বাতাবাৰীলৈ বুলি ফুৰিবলৈ আহিছিল দুজন ভাই-ভনীৰ লগতে এজন যুৱক ক্ৰমে ৰবি কুমাৰী,বিনাশ কুমাৰ আৰু স্বৰূপ সুত্ৰধৰ নামৰ যুৱক-যুৱতী কেইজন । তাৰপিছতে যোৱা পৰহি বাথা নৈ খন দেখি ভৰি ধুবলৈ বুলি আটাইকেইজন নামি গৈছিল নৈৰ কাষলৈ কিন্তু দুৰ্ভাগ্যবসত স্বৰূপ সুত্ৰধৰ নামৰ মহানগৰীৰ মধঘড়ীয়াৰ যুৱকজন পিছলি পৰিছিল বাথা নৈত । তাৰপিছৰে পৰা নৈৰ বুকুত সন্ধানহীন হৈ আছিল যুৱকজন । ঘটনা সন্দৰ্ভত আৰক্ষী আৰু SDRFবাহিনীক সেইদিনাই খবৰ দিয়াত ঘটনাস্থলীত SDRFবাহিনী উপস্থিত হৈ অভিযান চলাই বিশেষ কোনো শু-সুত্ৰ নোপোৱাত NDRFৰ সহযোগত অভিযান চলাই আজি ২ দিনৰ মুৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনৰ মৃতদেহটি । Conclusion:ফুৰিবলৈ আহি যুৱকজনে কৰুণ মৃত্যুক আকোৱালি লোৱা ঘটনাই অঞ্চলটোত এক শোকৰ পৰিৱেশে বিৰাজ কৰিছে ।

দক্ষিণ কামৰূপ/আজাৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.