ETV Bharat / city

৫ দিনৰ সান্ধ্য আইনৰ কাৰণ চৰকাৰে স্পষ্ট কৰক : চিপিআই(এম) - দলৰ কৰ্মী

মাত্ৰ ৫ দিনৰ সান্ধ্য আইনে ৰাজ্যৰ পৰিস্থিতি কিমান উন্নত কৰিব সেই সম্পৰ্কে চৰকাৰক প্ৰশ্ন চি পি (এম) ৰ ৷ ৫ দিনৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ যুক্তিযুক্ততা সম্পৰ্কে জনসাধাৰণে পতিয়ন যাব পৰাকৈ চৰকাৰক বাখ্যা আগবঢ়োৱাৰ দাবী চিপিআই(এম) ৰ ৷

৫ দিনৰ সান্ধ্য আইনৰ কাৰণ চৰকাৰে স্পষ্ট কৰক : চি পি আই (এম)

author img

By

Published : Apr 27, 2021, 10:41 PM IST

গুৱাহাটী, 27 এপ্ৰিল : অসমত ক’ভিড নিয়ন্ত্ৰণৰ বাবে লোৱা সতৰ্কতাৰ অংশ হিচাপে অসমৰ মুখ্য সচিবে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১ মে'লৈ নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে । ক’ভিড-19 ৰ দ্ৰুত সংক্ৰমণলৈ চাই সতৰ্কমূলক পদক্ষেপ গ্ৰহণৰ নিশ্চয় প্ৰয়োজন আছে । কিন্তু মাত্ৰ ৫ দিনৰ বাবে এনে সান্ধ আইনে পৰিস্থিতি কিমান উন্নত কৰিব সেই সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেবেন ভট্টাচাৰ্যই ৷

হঠাৎ ৫ দিনৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ যুক্তিযুক্ততা সম্পৰ্কে জনসাধাৰণে পতিয়ন যাব পৰাকৈ চৰকাৰে বাখ্যা আগবঢ়োৱা উচিত বুলি মন্তব্য কৰে কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে । মন কৰিবলগীয়া যে, ২ মে'ত বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ'ব । অসমত ভোট গ্ৰহণ প্ৰক্ৰিয়া ৬ এপ্ৰিলত অন্ত পৰিছে আৰু ইভিএম সমূহ তেতিয়াৰ পৰাই ষ্ট্ৰং ৰুমত ৰখা হৈছে ।

বিভিন্ন দল তথা প্ৰাৰ্থীসকলৰ কৰ্মীসকলে এই ষ্ট্ৰং ৰুমত পহৰা দি আছে । সান্ধ্য আইন জাৰি কৰি যি নিৰ্দেশ দিছে তাত বিভিন্ন দলৰ কৰ্মীৰ বাবে কোনো ধৰণৰ ৰেহাইৰ ব্যৱস্থা নকৰাটো আশ্চৰ্যজনক বুলি মন্তব্য কৰে । কাৰণ ষ্ট্ৰং ৰুমত থকা ইভিএম সমূহ শাসক দলে বিভিন্ন চক্ৰান্তৰে হেৰ-ফেৰ কৰাৰ অপচেষ্টা চলাই আছে বুলি জনসাধাৰণৰ মাজত ইতিমধ্যে যথেষ্ট সংশয় আছে বুলি অভিযোগ উত্থাপন কৰে । চিপিআই(এম) দলৰ অসম ৰাজ্যিক কমিটিয়ে ষ্ট্ৰং ৰুমত দায়িত্ব পালন কৰি থকা দলীয় কৰ্মীসকলে যাতে সান্ধ্য আইনৰ ভিতৰতো প্ৰয়োজন অনুসৰি কোনো বাধা নোপোৱাকৈ যাতায়ত কৰিব পাৰে তাৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : মৰাণত মঙলবাৰে 50 জন লোক আক্ৰান্ত ক'ভিড-19ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.