ETV Bharat / city

কৰ'ণাতংক : মহানগৰীত অধিক মূল্যত বিক্ৰী মাস্ক

মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে আৰম্ভ কৰিছে ক'লা ব্যৱসায় ৷ অধিক দামত বিক্ৰী মাস্ক ৷

author img

By

Published : Mar 23, 2020, 9:00 PM IST

একাংশ অসাধু ব্যৱসায়ীৰ ক'লা বজাৰ
মহানগৰীত অধিক মূল্যত বিক্ৰী মাস্ক

গুৱাহাটী, 23 মাৰ্চ : বিশ্বজুৰি কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে একাংশ অসাধু ব্যৱসায়ীয়ে আৰম্ভ কৰিছে ক'লা বজাৰ ৷ চৰকাৰে চেনিটাইজাৰ আৰু মাস্কৰ দাম নিৰ্ধাৰণ কৰি দিছে যদিও একাংশ ব্যৱসায়ীয়ে চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰিছে ৷ মহানগৰীত একাংশ ব্যৱসায়ীয়ে আৰম্ভ হৈছে মাস্কৰ ক'লা বজাৰ ৷

মহানগৰীত অধিক মূল্যত বিক্ৰী মাস্ক

10-20 টকীয়া মাস্ক বিক্ৰী হৈছে 50-80 টকাত ৷ কোনো ধৰা-বন্ধা মূল্য নাইকিয়াকৈ গ্ৰাহক ভেদে বিভিন্ন মূল্যত বিক্ৰী কৰা হৈছে মাস্কসমূহ ৷ বিশেষকৈ মহানগৰীৰ পাণ্ডুত একাংশ ফাৰ্মাচী, কাপোৰৰ দোকানত এনেদৰে চলি আছে মাস্কৰ ক'লা বেহা ৷

ইয়াৰ পাচতো আৰক্ষী আৰু চৰকাৰী প্ৰশাসনে নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছে ৷ কেৱল নিৰ্দেশনা দিয়ে দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ অভিযোগ অনুসৰি, কেৱল মাস্ক অথবা চেনিটাইজাৰে নহয় বন্ধৰ সুবিধা লৈ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰো দাম বৃদ্ধি কৰিছে একাংশ ব্যৱসায়ীয়ে ৷

আৰু পঢ়ক : নিজ ঘৰত বহিয়ে দেশবাসী একত্ৰিত হ'ল : শচীন তেণ্ডুলকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.