ETV Bharat / city

বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা মীৰা বৰঠাকুৰৰ

এখন বা দুখন বিদ্যালয় নহয়, ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে (Govt schools to close in Assam)। ইফালে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল আৰু কম ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে শিক্ষা বিভাগে (Assam govt decides to School amalgamation)। কামৰূপ মহানগৰত ১৬ খন বিদ্যালয় একত্ৰীকৰণ হ’ব ।

author img

By

Published : Aug 30, 2022, 7:24 PM IST

School amalgamation in Assam
School amalgamation in Assam

গুৱাহাটী, 30 আগষ্ট : শিক্ষাৰ সংস্কাৰৰ নামত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে । মাধ্যম বিতৰ্ক অব্যাহত থকাৰ সময়তে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস (School amalgamation in Assam) কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিদ্যালয় একত্ৰিকৰণ সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা মীৰা বৰঠাকুৰৰ

এখন বা দুখন বিদ্যালয় নহয়, ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে (Govt schools to close in Assam)। ইফালে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল আৰু কম ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে শিক্ষা বিভাগে (Assam govt decides to School amalgamation)।

আনহাতে, একত্ৰীকৰণৰ নামত শিক্ষা বিভাগে ৰাজ্যৰ একাংশ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে তলা ওলোমাই দিছে । স্বাভাৱিকতেই শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক সহজভাৱে লোৱা নাই শিক্ষক-অভিভাৱকৰ লগতে সচেতন মহলে । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়ৰ প্ৰায় ৭ হাজাৰ শিক্ষানুষ্ঠান বন্ধ কৰি সমীপৱৰ্তী বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়া হৈছিল (Amalgamation of govt school in Assam)।

লগতে পঢ়ক : নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

কামৰূপ মহানগৰ জিলাত একত্ৰীকৰণৰ বাবে বন্ধ হ’ব কেইবাখনো বিদ্যালয় (16 schools to be close in Guwahati) । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম হোৱা বাবে একত্ৰীকৰণ হ’ব এই বিদ্যালয়সমূহ । কামৰূপ মহানগৰত ১৬ খন বিদ্যালয় একত্ৰীকৰণ হ’ব । ৩০ জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।

School amalgamation in Assam
বিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্ত চৰকাৰৰ

বিদ্যালয় কেইখন হৈছে নামনি কামাখ্যা এল পি স্কুল, বীণাপাণি হিন্দী এল পি স্কুল, মাছখোৱা মাজিদা এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ, মালিগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল, উত্তৰ বনমজা এল পি স্কুল, কটকীপৰা এল পি স্কুল, লাচিত গড় এল পি স্কুল, টিলিং গাঁও এল পি স্কুল, ঘোঁৰামৰা এল পি স্কুল, জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল, আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল,নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল ।

লগতে পঢ়ক : বিদ্যালয় চামিলকৰণৰ বিৰোধিতাৰে বৰপেটাত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

ৰাজ্যত চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ ফলত বন্ধ হোৱা কাৰ্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে । তেওঁ কয় যে, এগৰাকী মহিলাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী এদিন ডুবিব বুলি পঞ্জিকাত উল্লেখ কৰা হৈছিল ৷ গতিকে সময় থাকোতেই মুখ্যমন্ত্ৰীয়ে তলৰ খলাবমাবোৰ চাই খোজ দিয়াতো ভাল ৷ বিদ্যালয় একত্ৰীকৰণ, হিন্দী আৰু ইংৰাজী মাধ্যমক সন্নিৱিষ্ট কৰি চৰকাৰে মাতৃভাষাক হত্যাৰ ষড়যন্ত্ৰ কৰা বুলিও উল্লেখ কৰে বৰঠাকুৰে (Meera Barthakur criticizes Assam CM) ৷ তেওঁ লগতে কয় যে, চৰকাৰৰ বৰ্তমান আলজিভালৈকে ধাৰত পোত গৈছে ৷ সময় থাকোতেই সংশোধন নহ’লে মুখ্যমন্ত্ৰীয়ে পাপত পৰিব বুলিও তেওঁ কটাক্ষ কৰে ৷

ইফালে, বিদ্যালয় একত্ৰীকৰণ সম্পৰ্কে কোনো ধৰণৰ জাননী পোৱা নাই খাৰঘূলি শিশু বিদ্যাপীঠ বিদ্যালয় কৰ্তৃপক্ষই । বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে ১৯৬০ চনতে খাৰঘুলিৰ বিশিষ্ট ব্যক্তি সকলৰ প্ৰচেষ্টাত স্থাপন কৰা হৈছিল বিদ্যালয়খন । পৰৱৰ্তী সময়ত ১৯৭৫ চনত চৰকাৰী কৰা হয় বিদ্যালয়খন ।

বিদ্যালয়খনত ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে ৩ গৰাকী শিক্ষয়ত্ৰী আছে । বিদ্যালয়খনৰ আন্তঃগাঁঠনি একেবাৰে দুৰ্বল যদিও বিদ্যালয় কৰ্তৃপক্ষই ৰাইজৰ দান বৰঙণিৰ কিছু সংখ্যক কাম কৰা বুলিও জনাই বিদ্যালয় কৰ্তৃপক্ষই ।

নলবাৰী জিলাতে সৰ্বাধিক ৯১খন হাইস্কুল বন্ধ হ’ব বুলি মাধ্যমিক শিক্ষা বিভাগৰ এক সূত্ৰই জানিবলৈ দিছে । তদুপৰি বৰপেটাত ৬৭ খন, লখিমপুৰত ৪০ খন, ধুবুৰীত ৩৮ খন, কামৰূপত ২৪ খন, যোৰহাটত ১৪ খন, মৰিগাঁৱত ১০ খন আৰু নগাঁৱত ৭ খন হাইস্কুল বন্ধ কৰা হ’ব । ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা মতে ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ বিদ্যালয় বন্ধ হ’ব ।

চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰ‍া সিদ্ধান্তই ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এনে বিৰূপ প্ৰতিক্ৰিয়াৰ পাচত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : গুৱাহাটী মহানগৰীত বন্ধ হ’ব ১৬ খন চৰকাৰী বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.