গুৱাহাটী, 26 আগষ্ট: গুৱাহাটীৰ পানবজাৰৰ লুইতৰ পাৰত থকা এটা চিকিৎসা কেন্দ্ৰ ৷ য'ত ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হয় (Free medical care center in Guwahati)। ২০০৯ চনতে অসম চৰকাৰ আৰু ‘স্মাইল ইণ্ডিয়াৰ’ সৈতে সম্পাদিত হোৱা এক চুক্তিৰ ভিত্তিত ফটা ওঁঠৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত স্থাপন কৰা হৈছিল এই Comprehensive Cleft Care Center । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই একমাত্ৰ চিকিৎসা কেন্দ্ৰ য’ত এইধৰণৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হয় ।
পৰৱৰ্তী সময়ত ২০২০-২১ চনত এই চিকিৎসা কেন্দ্ৰটো মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা (MMC civil hospital Guwahati) স্থানান্তৰিত কৰি পানবজাৰৰ ওচৰৰ বাগ্ৰী শিশু কেন্দ্ৰলৈ অনা হয় (Comprehensive Cleft Care Center in Assam) । এই চিকিৎসা কেন্দ্ৰটোত এতিয়ালৈ অৰ্থাৎ ২০০৯ চনৰ পৰা ২০২২ চনৰ জুলাই পৰ্যন্ত ২১,৯৮২ জন ওঁঠ ফটা আৰু তালু ফটাৰ চিকিৎসা সম্পন্ন কৰা হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বত প্ৰতি ৭০০ টা শিশুৰ ভিতৰত এটা ওঁঠ ফটা শিশুৰ জন্ম হয় ।
ইণ্ডিয়ান চ’ছায়েটি অৱ পেড’ডনটিকচ্ এণ্ড প্ৰিভেনটিভ ডেনটিষ্ট্ৰি-ৰ তথ্য অনুসৰি আমাৰ দেশত প্ৰতি ঘন্টাত ৩ টাকৈ ওঁঠ ফটা শিশুৱে জন্ম লাভ কৰে (Cleft lip and palate)।
Comprehensive Cleft Care Center ৰ চিকিৎসা চিকিৎসক ডাঃ কমল কয়লৰ মতে এই শাৰীৰিক বিংসগতি দেখা দিয়া শিশুৰ মনত খং আৰু দুখবোধৰ জন্ম হয় । সমাজৰ পৰা অৱহেলিত হয় । স্বাভাৱিক জীৱন ধাৰণত বাধাৰ সৃষ্টি কৰে শাৰীৰিক বিসংগতিয়ে । বিশেষজ্ঞসকলৰ মতে ওঁঠ ফটাটো সংক্ৰামক ৰোগ নহয়, কিন্তু এই শাৰীৰিক বিসংগতিয়ে শৰীৰৰ মুখমণ্ডলত, বিশেষকৈ চকু, কাণ, নাক, কপালৰ ক্ষতিসাধন কৰে । এনে স্পষ্টভাৱে কথা ক’ব নোৱাৰে । খাদ্য গ্ৰহণত অসুবিধা হয় ।
লগতে পঢ়ক: ১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ একত্ৰীকৰণৰ তালিকা প্ৰকাশ
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বত ১৯৯০ চনত ৭,৬০০ গৰাকী ওঁঠ ফটা লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৩ চনত ৩,৩৩০ গৰাকী ওঁঠ ফটা লোকে শাৰীৰিক বিসংগতিৰ বাবে মৃত্যুবৰণ কৰিছে । আশীৰ দশকৰ পৰা প্ৰণালীবদ্ধভাৱে ওঁঠ ফটা লোকৰ চিকিৎসা আৰম্ভ কৰা হয় । প্ৰথম পৰ্যায়ত এই চিকিৎসা আমেৰিকাতে সীমাবদ্ধ হৈ আছিল যদিও পিছত অন্যান্য দেশলৈ সম্প্ৰসাৰিত হয় ।
আমাৰ দেশত কৰ্ণাটকত ২০০২ চনত ‘অপাৰেচন স্মাইল’ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাই পোন প্ৰথমবাৰৰ বাবে এই চিকিৎসা আৰম্ভ কৰে ।
পৰ্যায় ক্ৰমে ২০০৩ চনত দিল্লীত আৰু ২০০৯ চনত অসমত স্মাইল ইণ্ডিয়াই ওঁঠ ফটালোকৰ চিকিৎসা আৰম্ভ কৰে । Comprehensive Cleft Care Centerৰ সহকাৰী মহাপ্ৰবন্ধক দীপুল মালাকৰে কয় যে, ওঁঠ ফটা লোকৰ বিনামূলীয়াকৈ চিকিৎসা সম্পন্ন কৰি অহা এই চেন্টাৰটোৱে ৰোগীৰ যাতায়ত, থকা-খোৱা আদি সকলো খৰচ বহন কৰে । এনেধৰণৰ ৰোগী বিচাৰি অনাৰ কামো চেন্টাৰটোৱে কৰে । এজন ওঁঠ ফটালোকৰ চিকিৎসা সম্পন্ন কৰাৰ বাবদ ৩২,০০০ টকা খৰচ হয় । ইয়াৰে ৰাজ্য চৰকাৰে ১৭,৫০০ টকা দিয়ে । বাকী টকা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হয় ।
অসম, মেঘালয় আৰু ত্ৰিপুৰা চৰকাৰে চিকিৎসা কেন্দটোক আৰ্থিক সাহায্য দি আহিছে । উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা তালু আৰু ওঁঠ ফটা শিশু চিকিৎসা কেন্দ্ৰটোলৈ আহে ৷ ডাঃ কমল কয়লে কয় যে, কেন্দ্ৰত ওঁঠ আৰু তালু ফটা দুয়োধৰণৰ চিকিৎসা কৰা হয় । ফটা তালুৰ চিকিৎসাৰ বাবে ৰোগীজনৰ ন্যূনতম বয়স এবছৰ হ’ব লাগিব । আনহাতে ফটা ওঁঠৰ চিকিৎসাৰ বাবে ৰোগীজনৰ ন্যূনতম বয়স ছমাহ হ’ব লাগিব ।
কেন্দ্ৰটোলৈ অহা ৬০ শতাংশ ৰোগীৰে ওঁঠ আৰু তালু দুয়োটা ফটা । ওঁঠ আৰু ফটা তালুৰ দুয়োধৰণৰ চিকিৎসাৰ অস্ত্ৰোপচাৰ কৰাৰ বাবে ৰোগী অৰ্থাৎ শিশুজনৰ ন্যূনতম ওজন ৬ কিলোগ্ৰাম হোৱা প্ৰয়োজন ।
তেওঁ পুনৰ কয় যে, চিকিৎসাৰ বাবে অহা ৭০ শতাংশ শিশুৰ ন্যূনতম ৬ কিলোগ্ৰাম ওজন নাথাকে । যাৰ বাবে এনেধৰণৰ শিশুৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয় । ওজন কম থকা শিশুটিৰ স্বাস্থ্যৰ যতন লোৱাৰ পিছতহে চিকিৎসা আৰম্ভ কৰা হয় । চিকিৎসা কেন্দটোলৈ অহা অভিভাৱকসকলে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, ‘‘চিকিৎসা কেন্দটো নাথাকিলে হয়তো আমাৰ সন্তানৰ মুখত হাহি বিৰিঙোৱাৰ সপোন দেখিব নোৱাৰিলোহেঁতেন’’ ।
লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মানৰে জিলিকিল তেজপুৰৰ মিনাক্ষী গোস্বামী