ETV Bharat / city

চাহ উদ্যোগ উন্নয়নৰ বাবে কমিটি গঠনৰ ঘোষণা পাটোৱাৰীৰ

author img

By

Published : Aug 21, 2019, 10:06 PM IST

অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ এক বিশেষ কমিটি গঠনৰ জৰিয়তে চাহ উদ্যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে তেওঁ ৷

চাহ উদ্যোগ উন্নয়নৰ বাবে কমিটি গঠনৰ ঘোষণা পাটোৱাৰীৰ

গুৱাহাটী, 21 আগষ্ট : যোগান আৰু চাহিদাৰ মাজত ব্যৱধান বৃদ্ধি পোৱাৰ ফলত অসমৰ চাহৰ মানদণ্ড নিম্নগামী হৈ আহিছে ৷ আয়ৰ তুলনাত ব্যয় বৃদ্ধি পোৱাত চহা খেতিয়ক সকল সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ অসমৰ চাহ উদ্যোগক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ বহু সময়ত চৰকাৰক আহ্বান জনাই আহিছে চাহ উদ্যোগীসকলে ৷ সেয়েহে, বুধবাৰে এই সমস্যা সমাধানৰ বাবে চাহ উদ্যোগীসকলৰ সৈতে এক বৈঠকত মিলিত হয় অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

চাহ উদ্যোগ উন্নয়নৰ বাবে কমিটি গঠনৰ ঘোষণা পাটোৱাৰীৰ

বৈঠকৰ অন্তত পাটোৱাৰীয়ে মন্তব্য কৰে যে, অসমৰ চাহৰ মানদণ্ড উন্নত কৰিবলৈ সক্ষম হ'লেহে আন্তৰাষ্ট্ৰীয় বজাৰত ইয়াৰ গুৰুত্ব বৃদ্ধি পাব ৷ সেয়েহে এখন বিশেষ কমিটি গঠনেৰে চাহ উদ্যোগৰ বিভিন্ন বিষয়সমূহ পৰ্যবেক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ বিশেষ লোকৰ দ্বাৰা এখন কমিটি গঠনেৰে ডুবাইৰ আৰ্হিত কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত এখন টি পার্ক নিৰ্মাণৰ কথা ঘোষণা কৰে পাটোৱাৰীয়ে ৷ তাৰোপৰি, উন্নত মানৰ ব্ৰেণ্ডিঙৰ জৰিয়তেহে অসমৰ চাহ উদ্যোগ আগুৱাই যাব বুলি মন্তব্য প্ৰকাশ কৰে তেওঁ ৷ যোৰহাটস্থিত টোকলাই চাহ গৱেষণা কেন্দ্ৰই উন্নত চাহ উৎপাদনৰ ক্ষেত্ৰত চাহ খেতিয়ক সকলক সহায় কৰিবৰ বাবে আগন্তক বাজেটত টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ বাবে ধন ধাৰ্য কৰা হ'ব বুলি মন্তব্য কৰে পাটোৱাৰীয়ে ৷

Intro:সংকটত ৰাজ্যৰ চাহ উদ্যোগ, চাহ উদ্যোগৰ উন্নয়নৰ বাবে চৰকাৰে হাতত ল'ব কেইবাটাও বিশেষ ব্যৱস্থা। উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ঘোষণা চাহ উদ্যোগৰ উন্নয়নৰ বাবে চৰকাৰে গঠন কৰিব কমিটি।

Body:যোগান আৰু চাহিদাৰ মাজত ব্যৱধান বৃদ্ধি পোৱাৰ লগতে অসমৰ চাহৰ মানদণ্ড নিম্নগামী হোৱাত চাহ উদ্যোগ সংকটত পৰিছে। আয়ৰ তুলনাত ব্যয় বৃদ্ধি হোৱাত চহা উদ্যোগৰ লগত যদিত মালিক পক্ষ সন্মুখীন হৈ বিভিন্ন সমস্যাৰ। চাহ উদ্যোগক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ চাহ উদ্যোগৰ লগত যদিত মালিক পক্ষই চৰকাৰক আহ্বান জনাইছে। চাহ উদ্যোগৰ সমস্যা সমূহৰ সমাধান বিচাৰি আজি চাহ উদ্যোগৰ লগত যদিত মালিক পক্ষৰ লগত উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মিলিত হয় এক বৈঠকত। বৈঠকৰ অন্তত মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে যে অসমৰ চাহৰ মানদণ্ড হ্ৰাস পাইছে। চাহৰ মানদণ্ড উন্নত কৰিব পাৰিলেহে অসমৰ চাহৰ গুৰুত্ব আন্তৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাব। অসমৰ চাহৰ মানদণ্ড উন্নত কৰাৰ লগতে চাহ উদ্যগৰ বিভিন্ন বিষয় পৰ্যবেক্ষণ কৰিবলৈ চৰকাৰে এক বিশেষ কমিটিৰ গঠন কৰিব বুলি জানিবলৈ দিছে মন্ত্ৰী গৰাকীয়ে। তৃতীয় পক্ষক লৈ এই কমিটি গঠন কৰা হ'ব লগতে অসমৰ চাহৰ বাবে ডুবাইৰ আৰ্হিত কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত নিৰ্মান কৰা হ'ব টি পার্ক। উন্নত মানৰ ব্ৰেণ্ডিং কৰিলেহে অসমৰ চাহ উদ্যোগ আগুৱাই যাব বুলি মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে আৰু কয় এই সকলোবোৰ বিষয় তৃতীয় পক্ষই পয্যালোচনা কৰিব। যোৰহাটস্থিৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰই যাতে উন্নত চাহ উৎপাদনৰ ক্ষেত্ৰত চাহ খেতিয়ক সকলক সহায় কৰিব পাৰে ইয়াৰ বাবে আগন্তক বাজেটত টুকলাই চাহ গৱেষণা কেন্দ্ৰৰ বাবে ধন ধায্য কৰা হ'ব।

বাইট : চন্দ্ৰ মোহন পাটোৱাৰী, উদ্যোগমন্ত্ৰী

Conclusion:চাহ উদ্যোগৰ মালিক পক্ষই চাহ শ্ৰমিকৰ পি এফৰ ধন কিছু বছৰৰ বাবে চৰকাৰক বহন কৰিবলৈ অনুৰোধ কৰিছিল যদিও এই প্ৰস্তব নাকচ কৰে মন্ত্ৰী গৰাকীয়ে। বছৰি ৭০০ কোটি টকাৰ পি এফৰ ধন চৰকাৰে বহন কৰাটো সম্ভৱ নহয়।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.