গুৱাহাটী, ১৫ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পত্নী ৰিণিকি ভূঞা শৰ্মাক লগত লৈ অযোধ্যাৰ অস্থায়ী ৰাম মন্দিৰত পূজা আগবঢ়ায় (CM Himanta Biswa Sarma Visit Ayodhya) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত ভাগ ল’বলৈ বুলি মঙলবাৰেই সপত্নীক লক্ষ্ণৌত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মা । মঙলবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে বাৰাণসীত মিলিত হোৱাৰ পিছত বুধবাৰে দুপৰীয়া শৰ্মা দম্পতীয়ে অযোধ্যাৰ হনুমানগাড়ীত থকা অস্থায়ী ৰাম মন্দিৰত পূজা আগবঢ়ায়।

উল্লেখ্য যে, অযোধ্যাত স্থায়ী ৰাম মন্দিৰ নিৰ্মাণকাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰে পৰা ভক্তসকলে হনুমানগাড়ীত থকা এই অস্থায়ী মন্দিৰতে ৰামলালালৈ পূজা আগবঢ়াই আহিছে । মনকৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ বাৰাণসী ভ্ৰমণ উপলক্ষে দুদিন পূৰ্বৰে পৰাই বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল সমবেত হৈছিল লক্ষ্ণৌত । সেই অনুসৰি মঙলবাৰে সপত্নীক অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মা লক্ষ্ণৌত উপস্থিত হৈছিল ৷ তাৎপৰ্যপূৰ্ণ যে, কেৱল বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই নহয়, অসমৰ কেইবাখনো সত্ৰৰ কেইবাগৰাকী সত্ৰাধিকাৰেও ইতিমধ্যে মোদীৰ ভ্ৰমণ উপলক্ষে বাহৰ পাতিছে বাৰাণসীত ।

লগতে পঢ়ক : Akhil Gogoi's vs CM Himanta: মুকলি বিতৰ্কলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ অখিলৰ