ETV Bharat / city

অসম ৰাজ্যিক চিৰিয়াখানাত পৰিকল্পিতভাৱে জিৰাফ হত্যা কৰাৰ অভিযোগ

author img

By

Published : Dec 26, 2021, 8:48 PM IST

অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ অস্বাভাৱিক মৃত্যু(Giraffe dead in Guwahati zoo)ক কেন্দ্ৰ কৰি দেওবাৰে চিৰিয়াখানৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয় ৷ চিৰিয়াখানা সুৰক্ষা মঞ্চই হাতে হাতে প্লে-কাৰ্ড লৈ জিৰাফৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৃষ্ঠপোষকতাত চিৰিয়াখানাত দুষ্কাৰ্য চলি থকাৰো অভিযোগ উত্থাপন কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই ৷

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ
চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ

গুৱাহাটী, ২৬ ডিচেম্বৰ : অসম ৰাজ্যিক চিৰিয়াখানাত যোৱা 23 ডিচেম্বৰত এজনী জিৰাফৰ মৃত্যু (Female Giraffe died in Guwahati Zoo) হোৱাক লৈ দেওবাৰে চিৰিয়াখানৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয় ৷ চিৰিয়াখানা সুৰক্ষা মঞ্চই হাতে হাতে প্লে-কাৰ্ড লৈ জিৰাফৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে(Chiriakhana Suraksha Mancha protest at Assam state zoo) ।

মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে, প্ৰকৃততে জন্তুৰ প্ৰদৰ্শনীৰ নামত বনবিভাগৰ শীৰ্ষবিষয়াৰ এটা অনাঅসমীয়া চক্ৰই অসম ৰাজ্যিক চিৰিয়াখানাক বন্যপ্ৰাণীৰ চোৰাং বজাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । এই চক্ৰটোৱে কিছুমান জন্তুক ইচ্ছাকৃতভাৱে হত্যা কৰি জন্তুবোৰৰ বিভিন্ন অংগ আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰলৈ সৰবৰাহ কৰে ।

অসম তথা উত্তৰ-পূৱৰ বিভিন্ন অৰণ্যৰ আপুৰুগীয়া বন্যপ্ৰাণীসমূহ চিৰিয়াখানালৈ অনা হয় আৰু নিশাৰ আন্ধাৰত সেইবোৰ বাহিৰলৈ সৰবৰাহ কৰা হয় । তাৰ পিছত বিভিন্ন ৰোগত মৃত্যু হোৱা বুলি ভুৱা তথ্য দাখিল কৰে বুলি বিস্ফোৰক অভিযোগ তোলে চক্ৰটোৱে ।

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ

যোৱা ২৩ ডিচেম্বৰৰ নিশা ৰাজ্যিক চিৰিয়াখানাৰ গড়ালত হোৱা জিৰাফজনীৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয় বুলি অভিযোগ উত্থাপিত হৈছে । পৰিকল্পিতভাৱে জিৰাফজনী হত্যা কৰাৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৃষ্ঠপোষকতাত চিৰিয়াখানাত দুষ্কাৰ্য চলি থকাৰ অভিযোগো উত্থাপন কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই (Allegation on forest minister of Assam) ।

প্ৰতিবাদকাৰীসকলে লগতে কয় যে, জিৰাফৰ গড়ালত থকা চি চি টিভি ফুটেজ ৰাজহুৱা কৰিলে সকলো ৰহস্য ফাদিল হ’ব । এই সকলো কথা চৰকাৰৰ ওচৰত দাঙি ধৰা হৈছিল যদিও চৰকাৰে দুষ্টচক্ৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই । উল্লেখ্য যে, বিগত তিনি বছৰত চিৰিয়াখানাত ১২০০ বন্যপ্ৰাণীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: অসম ৰাজ্যিক চিৰিয়াখানাত মাইকী জিৰাফৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.