বকো,21 এপ্ৰিল: পুনৰ কৰ’ণা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে বকোৰ ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱ জিলা প্ৰশাসনে স্থগিত কৰে । বিগত বৰ্ষতো কৰ’ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা লক ডাউনৰ বাবে সুঁৱৰী উৎসৱ বাতিল কৰা হৈছিল ।
চলিত বৰ্ষত সুঁৱৰি উৎসৱ পালন কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল যদিও কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে জিলা প্ৰশাসনে এই অনুষ্ঠান বাতিলৰ নিৰ্দেশ প্ৰদান কৰে ৷ প্ৰতিবছৰে ৭ ব’হাগত উদযাপিত বকোৰ সুঁৱৰী উৎসৱৰ এইবেলি ১০৯ তম বৰ্ষ আছিল । আনুষ্ঠানিকভাৱে এই উৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছত আন আন কাৰ্যসূচী বাতিল কৰা হয় । ক’ভিড-19 ৰ সংক্ৰমণ ৰোধৰ বাবেই প্ৰশাসনে এই কঠোৰ স্থিতি গ্ৰহণ কৰে ৷
লগতে পঢ়ক : ২৪ এপ্ৰিলৰ পৰা বিজেপিৰ নিৰ্বাচনী পৰ্যালোচনা