গুৱাহাটী, 15 মাৰ্চ : হস্ততাঁত বস্ত্ৰ বিভাগৰ অতিৰিক্ত সচিব কনক সেন ডেকাৰ বাসগৃহত সংঘটিত ডকাইতি কাণ্ডত জড়িত দুজনকৈ অভিযুক্তক আটক।বশিষ্ঠ থানাৰ এটি দলে অভিযান চলাই নিশা অসম মেঘালায়-সীমান্তৰ বৰপথাৰৰ পৰা আটক কৰে বৰপেটাৰ ইনোশ আলী আৰু নলবাৰীৰ আব্দুল ৰহমান নামৰ দুই ডকাইতক ৷
উল্লেখ্য যে, হস্ততাঁত বস্ত্ৰ বিভাগৰ অতিৰিক্ত সচিবগৰাকীৰ বশিষ্ঠৰ গণেশ নগৰত থকা বাসগৃহত পহিলা মাৰ্চৰ নিশা সংঘটিত হৈছিল এই ডকাইতি কাণ্ড ৷ ইতিমধ্যে এই ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত লালমাটিৰ পৰা বশিষ্ঠআৰক্ষীয়ে জিতেন ৰাভা , বিশাল সূত্ৰধৰ আৰু ঋতুমণি পাটৰ নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ পঠোৱাৰ পাচত বৃহস্পতিবাৰে নিশা পুনৰ আটক কৰে দুজনকৈ অভিযুক্তক । অৱশ্যে বৰ্তমানো ঘটনাৰ অন্যতম অভিযুক্ত গাৰো নামৰ লোকজনক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷