গুৱাহাটী, 27 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ৰাজ্যত তীব্ৰগতিত চলিছে প্ৰচাৰ অভিযান ৷ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি দল-সংগঠনলৈকে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰাৰ সময়তে বৃহস্পতিবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৷
ইতিমধ্যেবুধবাৰে প্ৰথমখন হেলিকপ্টাৰেৰে প্ৰচাৰ অভিযানৰ বাবে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাই খানাপাৰাৰ পৰা লখিমপুৰলৈ উৰা মাৰিলে ৷ সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাই বুধবাৰে লখিমপুৰত মিত্ৰদলৰ সৈতে বৈঠকত মিলিত হৈ গহপুৰত উপস্থিত হ'ব সভাপতি আৰু সম্পাদকগৰাকী ৷ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে 30 মাৰ্চত গহপুৰত অনুষ্ঠিত হ'বলগীয়া মোডীস্থলী সভা পৰিদৰ্শন কৰাৰ কথাও উল্লেখ কৰে ৷