ETV Bharat / city

ৰাজ্যিক বিজেপিৰ ভাৰ্চুৱেল অসম জন সম্বোধন - Assam state BJP Virtual Jan Sambudhan

বিজেপি যি মূলমন্ত্ৰ ৰাখিছিল তাৰ দ্বাৰাই, দুৰ্নীতি মুক্ত অসম, সন্ত্ৰাসবাদ নিৰ্মূল, প্ৰদূষণ মুক্ত, বিদেশীমুক্ত ৰাজ্য আৰু নিৰ্মাণকামী ৰাজ্য হিচাপে গঢ় দিছে ৷ কংগ্ৰেছৰ দিনত ৰাজ্যত চাৰিখন চিকিৎসা মহাবিদ্যালয় আছিল যদিও বিজেপি চৰকাৰ দিনত ৮ খন হ’ল ৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পোনপ্ৰথমে চীন সীমান্তত মৃত্যু হোৱা শ্বহীদক শ্ৰদ্ধা জনায় ৷ লগতে কৰ'ণা আক্ৰান্ত আৰু মৃত্যু হোৱা সকলোকে শ্ৰদ্ধা জনায় আৰু মা কামাখ্যা আৰ্শীবাদ লৈ সকলোৱে যাতে কৰ'ণা বিৰুদ্ধে যুঁজ দিব পাৰে তাৰ বাবে প্ৰাৰ্থনা জনায় ৷

ৰাজ্যিক বিজেপিৰ ভাৰ্চুৱেল অসম জন সম্বোধন

author img

By

Published : Jun 23, 2020, 10:33 PM IST

গুৱাহাটী, 23 জুন : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ অসম জন সম্বোধন । অসম জন সম্বোধনৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰথমখন ভাৰ্চুৱেল ৰেলী আজি অনুষ্ঠিত হৈ যায় । পাঞ্জাৱৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু দিল্লীৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সম্বোধন কৰে অসম জন সম্বোধন ভাৰ্চুৱেল ৰেলী । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল ৰেলীৰ জৰিয়তে ৰাজ্যবাসীক কয় যে, ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পাছতেই উন্নতিৰ দিশে আগবাঢ়িছে অসম ৷

বিজেপিৰ যি মূলমন্ত্ৰ ৰাখিছিল তাৰ দ্বাৰাই, দুৰ্নীতি মুক্ত অসম, সন্ত্ৰাসবাদ নিৰ্মূল, প্ৰদূষণ মুক্ত, বিদেশীমুক্ত ৰাজ্য আৰু নিৰ্মাণকামী ৰাজ্য হিচাপে গঢ় দিছে ৷ কংগ্ৰেছৰ দিনত ৰাজ্যত চাৰিখন চিকিৎসা মহাবিদ্যালয় আছিল যদিও বিজেপি চৰকাৰ দিনত ৮ খন হ’ল ৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পোনপ্ৰথমে চীন সীমান্তত মৃত্যু হোৱা শ্বহীদক শ্ৰদ্ধা জনায় ৷ লগতে কৰ'ণা আক্ৰান্ত আৰু মৃত্যু হোৱা সকলোকে শ্ৰদ্ধা জনায় আৰু মা কামাখ্যা আৰ্শীবাদ লৈ সকলোৱে যাতে কৰ'ণা বিৰুদ্ধে যুঁজ দিব পাৰে তাৰ বাবে প্ৰাৰ্থনা জনায় ৷

ভাৰ্চুৱেল অসম জন সম্বোধনৰ পিচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে ডিজিটেল মিডিয়াযোগে সকলো সেৱা আগবঢ়াই অহা সাংসদ, জিলা মেয়ৰ, ব্লক পৰ্যায়লৈকে ডিজিটেল মিডিয়া যোগে সেৱা আগবঢ়াই যাবলৈ সক্ষম হোৱাটোত আদৰণি জনাইছে সভাপতি গৰাকীয়ে । লগতে বিজেপি চৰকাৰে ১০ কোটি পৰিয়ালৰ কাষলৈ গৈ মোডী ভাৰতৰ বিকাশৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰে । মোডী চৰকাৰে কেৱল দেশৰ বিকাশ কৰাই নহয় মানদণ্ড সলনি কৰি দিছে ৷ ৬ দশকৰ ভোকৰ কাম মোডীয়ে কৰি দিছে ৷ মোডীয়ে কেৱল দেশক আগুৱাই নিয়াই নহয় দেশক এক শক্তিশালী দেশ হিচাপে গঢ় দিছে ৷

আনহাতে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে ৮ কোটি মহিলাক ৰন্ধন গেছ দিয়া লগতে বিধৱা মহিলা আৰু বিকলাংগ লোকসকলৰ একাউণ্টত ১ হাজাৰ টকাকৈ দিয়াৰ লগতে ২০ হাজাৰ কোটি পেকেজৰ বিষয়েও জানিবলৈ দিয়ে ৷ লগতে আত্মনিৰ্ভৰশীল বাঁহৰ উদ্যোগ ক্ষেত্ৰখনৰ দ্বাৰা অসমক আত্মনিৰ্ভৰশীল কৰাৰ লগতে মুগা, তেল উদ্যোগৰে আত্মনিৰ্ভৰশীল কৰিব পাৰিব বুলিও ভাষণৰ জৰিয়তে ৰাজ্যবাসীক জনালে জে পি নাড্ডাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.