ETV Bharat / city

ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল - আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

ঘোষিত হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল(Assam Police Recruitment 2022) । ৫,২৬২ টা পদৰ বাবে ঘোষিত হ'ল ফলাফল । ৰাজ্যৰ ১৫ খন জিলাত ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল গুৱাহাটীৰ কাহিলিপাৰা চতুৰ্থ এ পি বি এনত ।

Assam Police recruitment exam result declared
ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল
author img

By

Published : Sep 18, 2022, 1:58 PM IST

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : দেওবাৰে ঘোষণা কৰা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল । ৫,২৬২ টা পদৰ বাবে ঘোষণা কৰা হয় এই ফলাফল । আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি এক সংবাদমেল সদৰী কৰে এই কথা ৷ তেওঁ সংবাদমেলত জানিবলৈ দিয়া অনুসৰি, ৰাজ্যৰ ১৫ খন জিলাত ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল গুৱাহাটীৰ কাহিলিপাৰা চতুৰ্থ এ পি বি এনত ।

ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

আৰক্ষীৰ কেইবাটাও বিভাগৰ বাবে ৫,২৬২ টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা । এই পদৰ বাবে আবেদন কৰিছিল ৭,০৭,৩২৮ গৰাকী প্ৰাৰ্থীয়ে । নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে ৫,২০০ গৰাকী প্ৰাৰ্থী । ইয়াৰ ভিতৰত ৪,৪৯৩ পুৰুষ আৰু ৭০৭ গৰাকী মহিলা । বৰ্তমানো খালী হৈ ৰৈছে ৬২ পদ । অহা ২২ ছেপ্টেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব ।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, নিযুক্তি পৰীক্ষাত(Assam Police SI exam) আৰক্ষী উপ পৰিদৰ্শকৰ(UB) বাবে মুঠ পদ আছিলে ৩০৬ । আবেদন কৰিছিল ১,২৯,২৪৭ গৰাকী প্ৰাৰ্থীয়ে । ৩০৬ টা পদত প্ৰাৰ্থী উত্তীৰ্ণ হৈছে । আনহাতে আৰক্ষী উপ পৰিদৰ্শকৰ(AB) ৰ বাবে পদ আছিলে ৩২০ টা ৷ ইয়াৰ ২৭৮ টা পূৰণ হৈছে ৪২ টা পদ খালী ৰৈছে । ৭০,৩৯৬ গৰাকী প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিছিল ।

আনহাতে কনিষ্টবলৰ ২,১৩৪ টা পদৰ বাবে আবেদন কৰিছিল ৩,১৩,৮০০ গৰাকী প্ৰাৰ্থীয়ে(Assam Police constable Recruitment ) । ইয়াৰে ২,১৩৪ টা পদ পূৰণ হৈছে । কনিষ্টবলৰ (AB) পদ আছিল ২,৪৫০ আৰু আবেদন কৰিছিল ১,৯৩,৪৬৩ গৰাকী প্ৰাৰ্থীয়ে । ইয়াৰ ২,৪৪২ টা পদ পূৰণ কৰা হৈছে ৮ টা পদ খালী ৰৈছে । একেদৰে Asstt. deputy controller civil Defenc(JR), Civil defence demonstrator/ PBX/operator/wireless operator বাবে পদ আছিলে ৫২ টা ৷

এই পদৰ বাবে ৪২২ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল ৷ ইয়াৰে ৪০ টা পদ পূৰণ কৰা হৈছে যদিও ১২ টা পদ খালী ৰৈছে বুলি জানিবলৈ দিয়ে । নতুনকৈ খোলা হ'ব ৫ টা কামাণ্ডো বেটেলিয়ন । সেইকেইটাৰ ভিতৰত UOLO বেটেলিয়ান দুটা আৰু ৩টা ক্লাচিকেল কামাণ্ডো বেটেলিয়ান হ’ব । তেওঁলোকক অসামৰিক বাহিনীৰ সহযোগত অসামৰিক বাহিনীৰ কেম্পত অসমৰ আৰক্ষীৰ নীতি নিৰ্দেশনাৰ মাজেৰে প্ৰশিক্ষণ দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে ।

ইপিনে মহিলা আৰক্ষীৰ পদ বৃদ্ধিতো গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । বৰ্তমান ২৪ শতাংশ মহিলা প্ৰাৰ্থী বাছনি কৰা হৈছে । ৩০ শতাংশ পদ মহিলাৰ বাবে অসমত পদ সংৰক্ষিত হৈ আছে । প্ৰাৰ্থীৰ অভাৱত এইবাৰ লক্ষ্য পূৰণ কৰিব পৰা নগ'ল বুলিও সংবাদমেলত জানিবলৈ দিয়ে । ইয়াৰ লগতে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

নিযুক্তি স্বচ্ছ আৰু নিকাভাবে হোৱাত তেওঁলোকে নিকাভাৱে সেৱা কৰিব বুলি সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদমেল আশা ব্যক্ত কৰে ৷ তেওঁ সদৰী কৰা অনুসৰি, ইতিপূৰ্বে বাছনি কৰা হৈছে ৯,০০৫ জন প্ৰাৰ্থী । তেওঁলোকৰ প্ৰশিক্ষণ বৰ্তমান চলি আছে । বিগত আঢ়ৈ বছৰত আৰক্ষীৰ বিভিন্ন পদত ১৫ হাজাৰ নিযুক্তি সম্পন্ন হৈছে বুলি সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদমেলত জানিবলৈ দিয়ে ।

লগতে পঢ়ক: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.