ETV Bharat / city

আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা অসমত সৰ্বাধিক - Union Ministry of Education report on school dropouts

সম্প্ৰতি অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে (Assam has the highest school dropout rate ) । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা ডিষ্টিক ইনফৰ্মেশ্বন চিষ্টেম ফ'ৰ এডুকেশ্বন প্লাছ 2020-21 ৰ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য উন্মোচন হৈছে । বিগত বৰ্ষটোত অসমত মাধ্যমিক পৰ্যায়ত অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীত ড্ৰপ আউটৰ হাৰ 31 শতাংশ । ইয়াৰ ভিতৰত আধাতে বিদ্যালয় এৰা ছাত্ৰৰ হাৰ হৈছে 29.7 শতাংশ আৰু ছাত্ৰীৰ হাৰ হৈছে 32.1 শতাংশ ৷

assam-has-the-highest-dropout-rate-among-primary-and-secondary-schools
আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা অসমত সৰ্বাধিক
author img

By

Published : Mar 12, 2022, 5:08 PM IST

গুৱাহাটী, 12 মাৰ্চ : শিক্ষা সকলোৰে বাবে এক অধিকাৰ । শিক্ষাৰ পৰা যাতে কোনেও বঞ্চিত নহয় তাৰ বাবে শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছিল । এই আইনে সকলো শিশুকে শিক্ষা প্ৰদানৰ বাবে চৰকাৰক দায়ৱদ্ধ কৰিলে যদিও এতিয়াও বহু শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে । বিশেষকৈ অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । পৰিতাপৰ বিষয় যে, অসমত ড্ৰপ আউট অৰ্থাৎ আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক (Assam has the highest school dropout rate ) । অলপতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা ডিষ্টিক ইনফৰ্মেশ্বন চিষ্টেম ফ'ৰ এডুকেশ্বন প্লাছ 2020-21 ৰ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য উন্মোচন হৈছে ।

assam-has-the-highest-dropout-rate-among-primary-and-secondary-schools
আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা অসমত সৰ্বাধিক

ক’ভিডকালীন পৰিস্থিতিয়ে শৈক্ষিক ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলাইছে তাৰ বাস্তৱ ছবি এই প্ৰতিবেনত প্ৰকাশ পাইছে । ক'ভিড পৰিস্থিতিৰ বাবে অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা একো একোজন অভিভাৱকে কি পৰিস্থিতিত নিজৰ সন্তানক বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বিৰত ৰাখিবলৈ বাধ্য হৈছে তাৰ যেন দুখ লগা ছবি পোহৰলৈ আহিছে শিক্ষা মন্ত্ৰণালয়ৰ প্ৰতিবেদনখনত । প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, বিগত বৰ্ষটোত অসমত মাধ্যমিক পৰ্যায়ত অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীত ড্ৰপ আউটৰ হাৰ 31 শতাংশ । ইয়াৰ ভিতৰত আধাতে বিদ্যালয় এৰা ছাত্ৰৰ হাৰ হৈছে 29.7 শতাংশ আৰু ছাত্ৰীৰ হাৰ হৈছে 32.1 শতাংশ ৷

যি সময়ত নাৰী শিক্ষাৰ কথা কোৱা হৈছে ৷ তেনে সময়তে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ কাৰ্যকালত মাধ্যমিক পৰ্যায়ত দেশৰ ভিতৰত অসমতে সৰ্বাধিক হাৰত ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছে (student left school during BJP's tenure) । আনহাতে উচ্চ প্ৰাথমিক অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰতো ড্ৰপ আউটৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত চতুৰ্থ স্থানত আছে । উচ্চ প্ৰাথমিকত অসমৰ আধাতে আনুষ্ঠানিক শিক্ষা শেষ কৰা শিক্ষাৰ্থীৰ হাৰ হৈছে 4.6 শতাংশ । ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ হৈছে 6 শতাংশ আৰু ছাত্ৰীৰ হাৰ হৈছে 3.2 শতাংশ ।

সেইদৰে 2020-21 শৈক্ষিক বৰ্ষত প্ৰাথমিক পৰ্যায়ত বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ তালিকাত অসম দেশৰ ভিতৰতে 6 নম্বৰ স্থানত আছে । প্ৰাথমিক পৰ্যায়ত অসমত ড্ৰপ আউটৰ হাৰ হৈছে 3.3 শতাংশ । ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ 4.2 শতাংশ আৰু ছাত্ৰীৰ হাৰ 2.3 শতাংশ । মধ্যাহ্ন ভোজনকে আদি কৰি বিভিন্ন সা-সুবিধা দিয়াৰ পাছতো কিমান অভাৱ তথা সংকটত পৰি একো একোগৰাকী পিতৃ-মাতৃয়ে নিজৰ কণমানি সন্তানক প্ৰাথমিক শ্ৰেণীতে শিক্ষা সমাপ্ত কৰাব পাৰে, সেই কথা ভোক্তভোগীয়েহে উপলব্ধি কৰিব পাৰিব ।

লগতে পঢ়ক : ৰাজ্যসভাৰ আসনখন আমাক দিয়ক : ছোনিয়াক আৰ্জি জনাবলৈ দিল্লীলৈ টীম আজমল

বিশেষকৈ ক’ভিডৰ ভয়াৱহ পৰিস্থিতিয়ে একাংশ অভিভাৱকৰ জীৱনলৈ ভয়ংকৰ সংকট নমাই অনাৰ বিষয়টো শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ হাৰে স্পষ্টভাৱে প্ৰমাণ কৰিছে । লক্ষণীয় বিষয় যে, ক’ভিডৰ পৰিপ্ৰেক্ষিতত দিয়া লকডাউনৰ ফলত শ্ৰমজীৱী লোকেই নহয়, সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ জীৱনলৈও ভয়ংকৰ দুৰ্যোগ নমাই আনিছিল । কৰ্মসংস্থাপন হেৰুৱাই সন্তান-পৰিয়ালক লগত লৈ বহুতে চহৰৰ পৰা গাঁওমুখী হৈছিল । আনকি সন্তানৰ শিক্ষাৰ খৰচ যোগাৰ কৰিব নোৱাৰা অভিভাৱকে অনিচ্ছা সত্ত্বেও ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা সন্তানৰ নাম কৰ্তন কৰি চৰকাৰী বিদ্যালয়ত নাম লগাই দিবলৈ বাধ্য হৈছিল । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে 2020-21 শৈক্ষিক বৰ্ষত দেশত সৰ্বমুঠ 39.7 লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত বিদ্যালয় ত্যাগ কৰি চৰকাৰী বিদ্যালয় নাম ভৰ্তি কৰিছে ।

তথ্য অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত 2019-20 বৰ্ষত নামভৰ্তি কৰিছিল 2,37,836 গৰাকী শিক্ষাৰ্থীয়ে । ইয়াৰ বিপৰীতে 2020-21 বৰ্ষৰ নামভৰ্তি হয় 2,17,987 গৰাকী শিক্ষাৰ্থীৰ । সেইদৰে ব্যক্তিগত বিদ্যালয়ত প্ৰাথমিক শ্ৰেণীত 2-19-20 বৰ্ষত 7,71,934 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে 2020-21 বৰ্ষত ৭,৬৯,৩৪৩ গৰাকীয়ে নামভৰ্তি কৰে । ইফালে চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ 2019-20 বৰ্ষত 50,31,895 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল যদিও 2020-21 বৰ্ষত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা 50,97,436 গৰাকীলৈ বৃদ্ধি পায় ।

2019-20 বৰ্ষত চৰকাৰী বিদ্যালয়ত উচ্চতৰ মাধ্যমিকত 2,40,662 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে 2020-21 বৰ্ষত 2,50,690 গৰাকীয়ে নামভৰ্তি কৰে । একেদৰে 2019-20 বৰ্ষতো মাধ্যমিক পৰ্যায়ত 6,67,737 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে 2020-21 বৰ্ষত 6,81,449 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে ।

লগতে পঢ়ক : লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি : জনতাৰ ওপৰেদি গাড়ী চলালে বিধায়কে

আনহাতে চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 2019-20 বৰ্ষত 38,80,173 গৰাকীয়ে নামভৰ্তি কৰাৰ বিপৰীতে 2020-21 বৰ্ষত 39,43,014 গৰাকীলৈ বৃদ্ধি পায় । চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাটো ইতিবাচক খবৰ যদিও কাৰণটো ইতিবাচক নহয় । অৰ্থনৈতিক সংকটৰ বাবে বহু অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিপৰীতে বাধ্য হৈ চৰকাৰী খণ্ডত দিছে। ইফালে অসমত আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, আধাতে বিদ্যালয় ত্যাগ কৰা নাইবা বিদ্যালয়লৈ নোযোৱা তথা বিভিন্ন কামত জড়িত হৈ থকা শিশুসকলক শিক্ষা প্ৰদান কৰাৰ বাবে অসমত 2003 চনত জ্যোতিকেন্দ্ৰ স্থাপন কৰা হৈছিল । 2000 চনত ইউনিচেফে 100 টা কেন্দ্ৰৰ যোগেদি এই শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । 2003 চনত সৰ্বশিক্ষা অভিযানৰ যোগেদি জ্যোতিকেন্দ্ৰসমূহ পৰিচালিত হয় ।

জ্যোতিকেন্দ্ৰ সমূহত ঠিকাভিত্তিত শিক্ষামিত্ৰ নিযুক্তি দিয়া হয় । প্ৰথম অৱস্থাত এই কেন্দ্ৰসমূহ সুন্দৰভাৱে পৰিচালিত হৈছিল যদিও পৰবৰ্ত্তী সময়ত চৰকাৰী সদিচ্ছাৰ অভাৱত এই প্ৰক্ৰিয়াটোত নানান সমস্যাই দেখা দিয়ে । এই সন্দৰ্ভত সদৌ অসম জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সন্থাৰ সভানেত্ৰী মুনমুন চেতিয়াই কয় যে বৰ্ত্তমান সময়ত অসমত 627 টা জ্যোতিকেন্দ্ৰ আছে আৰু ইয়াত নিয়োজিত হৈ আছে 815 গৰাকী শিক্ষাকৰ্মী । শিক্ষাকৰ্মীসকলে মাহেকত দৰমহা হিচাপে লাভ কৰে মাত্ৰ 6,500 টকা ।

শিক্ষাকৰ্মী সন্থাৰ সভানেত্ৰী মুনমুন চেতিয়াই জনোৱা মতে এতিয়ালৈকে 1 লাখ 60 হাজাৰ শিশুক তেওঁলোকে শিক্ষা প্ৰদান কৰি শিক্ষাৰ মূলসূঁতিলৈ আনিবলৈ সক্ষম হৈছে । বিভিন্ন কাৰণত আধাতে বিদ্যালয় ত্যাগ কৰা নাইবা বিদ্যালয়লৈ নোযোৱা শিশুসকলক শিক্ষাদানৰ যোগেদি শিক্ষাৰ মূলধাৰালৈ অনাটো এটা নিয়মিয়া প্ৰক্ৰিয়া । কিন্তু এই প্ৰক্ৰিয়াটোক আগুৱাই নিয়াৰ বাবে চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰাৰ বাবেই ড্ৰপ আউটৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি শিক্ষাকৰ্মী সন্থাৰ সভানেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : চাফাই কৰ্মী লাভ সিং উগোকে হ’লগৈ বিধায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.