ETV Bharat / city

MoU for Mineral Exploration : অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচনৰ বুজাবুজি চুক্তি

author img

By

Published : Dec 11, 2021, 4:07 PM IST

নগাঁও, কাৰ্বি আংলং আৰু গোৱালপাৰা জিলাত খনিজ পদার্থ অন্বেষণৰ বাবে অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি(Assam govt signs MoU with MECL) স্বাক্ষৰ । মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডে এই চুক্তিৰ আধাৰত জিলাকেইখনত পৰৱৰ্তী পাঁচ বছৰৰ বাবে লোৰ আকৰ, চিলিমিনাইট, ৰেয়াৰ আৰ্থ আদিৰ অন্বেষণ কৰিব পাৰিব । খনিজ পদার্থৰ অন্বেষণৰ ফলত পৰৱৰ্তী পাঁচ বছৰত ৰাজ্য চৰকাৰে ৰয়েল্টি সংগ্ৰহৰ যোগে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিব ।

Mining of Mineral Resources
অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচনৰ বুজাবুজি চুক্তি

গুৱাহাটী, ১১ ডিচেম্বৰ : অসমৰ নগাঁও, কাৰ্বি আংলং আৰু গোৱালপাৰা জিলাত কয়লা আৰু লিগনাইটৰ বাহিৰে অন্য খনিজ পদার্থ অন্বেষণৰ বাবে অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেড(MoU for mineral exploration signed)ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় । অসম চৰকাৰৰ ভূ-তত্ব আৰু খনি সঞ্চালকালয়ৰ সঞ্চালক আনন্দ কুমাৰ দাস(Director of Geology and Mining Ananda Kumar Das) আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেড(MoU signed between Geology and Mining and MECL)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড৹ ৰঞ্জিৎ ৰথে এই চুক্তিত স্বাক্ষৰ কৰে ।

এই চুক্তিৰ জৰিয়তে মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডে উক্ত জিলাকেইখনত পৰবৰ্তী পাঁচ বছৰৰ বাবে লোৰ আকৰ, চিলিমিনাইট, ৰেয়াৰ আৰ্থ আদিৰ অন্বেষণ কৰিব পাৰিব । অসমৰ গোৱালপাৰা, ধুবুৰী আৰু কাৰ্বি আংলং জিলাত প্ৰচুৰ পৰিমাণে লোৰ আকৰ পোৱা যায় । অসমৰ খনিজ আৰু খনিজাত সম্পদ বিভাগৰ প্ৰধান সচিব ড৹ কৃষ্ণ কুমাৰ দ্বিবেদী(Mines and Minerals Department Principal Secretary Dr Krishna Kumar Dwivedi)ৰ দিছপুৰস্থিত কার্যালয় কক্ষত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ।

প্ৰধান সচিব ড৹ কৃষ্ণ কুমাৰ দ্বিবেদীয়ে মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডক শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যখনত এনে সম্ভাৱনাপূর্ণ খনিজ পদার্থবোৰৰ অন্বেষণৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা তেওঁলোকক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । তেওঁ এনে খনিজ পদার্থবোৰৰ অন্বেষণৰ ফলত পৰবৰ্তী পাঁচ বছৰত ৰাজ্য চৰকাৰে ৰয়েল্টি সংগ্ৰহৰ যোগেদি এক বৃহৎ পৰিমাণৰ ৰাজহ আদায় কৰিব বুলি আশা প্ৰকাশ কৰে ।

প্ৰধান সচিবগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰাথমিক সমীক্ষা অনুসৰি অসমৰ ভূ-গর্ভত সঞ্চিত হৈ থকা খনিজ সম্পদৰ আনুমানিক মূল্য হ’ব প্ৰায় এক লাখ কোটি টকা । এই চুক্তিখনে অসমৰ সামগ্ৰিক অর্থনৈতিক উন্নয়ণ খৰতকীয়া কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । প্ৰধান সচিব ড৹ দ্বিবেদীয়ে মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডক অন্বেষণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগুৱাই নিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : টুটি আহিছে প্ৰকৃতিৰ ভাণ্ডাৰ: অসমত কমিছে খাৰুৱা তেলৰ উৎপাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.