নিউজ ডেস্ক, 4 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ এতিয়াও অপৰিৱৰ্তিত হৈ আছে বহু কেইখন জিলাৰ বান পৰিস্থিতি ৷ প্ৰায় 20 খন জিলাৰ 49 টা ৰাজহ চক্ৰ এতিয়াও প্লাৱিত হৈছে আছে বানত ৷ বৰ্তমানে ৰাজ্যত বানৰ সংহাৰী পৰিস্থিতিয়ে ক্ষতি কৰিছে 13,26,815 গৰাকী লোকক ৷ শুকুৰবাৰে ধুবুৰীত পুনৰ এজন লোকৰ মৃত্যু হয় বানত ৷ ইয়াৰ লগে-লগে ৰাজ্যত 35 গৰাকী লোকে বানৰ কৱলত পৰি প্ৰাণ হেৰুওৱালগীয়া হোৱাৰ বিপৰীতে এতিয়াও জলমগ্ন হৈছে 1636 খন গাঁও ৷
বন্যাক্ৰান্তৰ উদ্ধাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানে অস্থায়ী শিবিৰ স্থাপিত কৰিছে ৷ এতিয়া প্ৰায় 152 টা শিবিৰ স্থাপিত হৈ আছে ৷ কৃষকৰ বাবে অভিশাপস্বৰূপ এই বানে বুৰাই পেলাইছে 67,628.06 হেক্টৰ কৃষি ভূমি ৷ অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছে এই তথ্য ৷
বৰ্তমানেও বানৰ কৱলত থকা জিলা কেইখন হৈছে ধেমাজি,লখিমপুৰ,বিশ্বনাথ,চিৰাং,দৰং,নলবাৰী,বৰপেটা,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট,ডিব্ৰুগড়,তিনিচুকীয়া ৷
লগতে চাওক-COVID-১৯ : অসমৰ শেহতীয়া তথ্য