ETV Bharat / city

এতিয়াও বানৰ কৱলত আছে ৰাজ্যৰ তিনিখন জিলা - Assam Flood updates

বান প্ৰভাৱিত তিনিখন জিলাৰ ৫৯৮৪ হেক্টৰ কৃষিভূমি বাঢ়নী পানীত প্লাৱিত হৈ থকাৰ ফলত এই অঞ্চলসমূহৰ খেতিয়কসকল খেতিৰ বাবে পথাৰলৈ যাব পৰা নাই । চলিত বছৰত ৰাজ্যত দুটাকৈ বানপানীত ১০০গৰাকীতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

এতিয়াও বানৰ কৱলত আছে ৰাজ্যৰ তিনিখন জিলা

author img

By

Published : Aug 12, 2020, 12:46 AM IST

গুৱাহাটী, 12 আগষ্ট : ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বানৰ কৱলৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাই ৰাজ্য । বৰ্তমানেও ৰাজ্যৰ তিনিখন জিলা বানৰ কৱলত আছে । ধেমাজি,বাক্সা আৰু মৰিগাঁও জিলাৰ বহু অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত আছে ।

যোৱা দুমাহত দুটাকৈ প্ৰলয়ংকাৰী বানৰ কৱলত পৰা ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমান যথেষ্ট উন্নত হৈছে যদিও এতিয়া বহু অঞ্চল সম্পূৰ্ণভাৱে মুক্ত হোৱা নাই । ধেমাজি,বাক্সা আৰু মৰিগাঁও জিলাৰ বহু অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত আছে । তিনিওখন জিলাৰ ৪টা ৰাজহ চক্ৰৰ ৮৯খন গাঁৱৰ কিছু অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলতে আছে । বৰ্তমানেও বানপানীৰ তলত থকা এই গাঁও সমূহৰ ১৩৮৬৬ গৰাকী লোক বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে । বৰ্তমান কেৱল ধেমাজি জিলাতে এটা চৰকাৰী আশ্ৰয় শিবিৰ আছে য'ত ৭৩গৰাকী লোক আশ্ৰয় লৈ আছে ৷

বান প্ৰভাৱিত তিনিখন জিলাৰ ৫৯৮৪ হেক্টৰ কৃষিভূমি বাঢ়নী পানীত প্লাৱিত হৈ থকাৰ ফলত এই অঞ্চলসমূহৰ খেতিয়কসকল খেতিৰ বাবে পথাৰলৈ যাব পৰা নাই । চলিত বছৰত ৰাজ্যত দুটাকৈ বানপানীত ১০০গৰাকীতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক: দক্ষিণ শালমাৰাত বৃহৎ পৰিমাণৰ চোৰাং গৰু জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.