ETV Bharat / city

অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হ’ল অসম গ্ৰন্থমেলা - Publication Board Assam Literature Award

বুধবাৰৰ পৰা আৰম্ভ হ'ল বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা (Assam Book Fair in Guwahati)। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা উদ্ধোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

Assam Book Fair in Guwahati
অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হ’ল অসম গ্ৰন্থমেলা
author img

By

Published : Dec 29, 2021, 9:56 PM IST

গুৱাহাটী, 29 ডিচেম্বৰ : অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হ'য় বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা (Assam Book Fair in Guwahati)। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Dr. Ranuj Pegu inaugurates Assam Book Fair)।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, গ্ৰন্থৰ সমাদৰ আজিও আছে । সৰু সৰু ঠাইত গ্ৰন্থমেলা হৈ আছে । এই গ্ৰন্থমেলা মানুহে আদৰি লৈছে । কিতাপে মনত প্ৰশান্তি দিয়ে । মনৰ অন্তঃদ্বন্দ প্ৰশমিত কৰে । কিতাপ পঢ়াতো সংস্কৃতি হিচাপে গঢ়ি তুলিব লাগিব । অহা বছৰৰ পৰা প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা (Publication Board Assam Literature Award) বাবে নিৰ্ধাৰিত ধন 5 লাখ টকালৈ বৃদ্ধি কৰাৰ চিন্তা কৰা হৈছে ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই কয় যে, Climate change, Cripto currency বিষয়ত কিতাপ প্ৰকাশ কৰিব লাগিব । তেতিয়া নতুন প্ৰজন্মৰ কিতাপৰ প্ৰতি আকৰ্ষণ বাঢ়িব । গুৱাহাটীত জাতীয় পুথিভঁৰাল লাগে উল্লেখ কৰে ড৹ কুলধৰ শইকীয়াই ।

অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হ’ল অসম গ্ৰন্থমেলা

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্তই কয় যে, কিতাপৰ সম্মান ম্লান পৰা নাই । গৱেষণালব্ধ কিতাপৰ প্ৰয়োজন আছে । পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ আগবঢ়ায় কয় যে, ১৫০ টাকৈ প্ৰকাশক গোষ্ঠীয়ে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে । গ্ৰন্থমেলাত পৰিষদৰ 24 খন পুনৰ মুদ্ৰিত গ্ৰন্থ আৰু 16 নতুন গ্ৰন্থ উন্মোচন কৰা হ'ব গ্ৰন্থমেলাত । অনুষ্ঠানত পৰিষদৰ নতুন 8 খন উন্মোচন কৰা হয় ।

এই অনুষ্ঠানত প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা লেখিকা নন্দিতা দেৱীক প্ৰদান কৰা হয় (Nandita Devi honoured with Publication Board Assam award)। তেওঁক বঁটা হিচাপে নগদ 2 লাখ টকা আৰু প্ৰকাশক জ্যোতি প্ৰকাশনক 2 লাখ টকা আগবঢ়োৱা হয় । অনুষ্ঠানত পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, বিক্ৰেতা সংস্থা সভাপতি ইমৰান আহমেদ উপস্থিত থাকে ৷

উল্লখ্য যে, 12 দিন ধৰি চলিব এই গ্ৰন্থ মেলা ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশ বিনামূলীয়া যদিও সাধাৰণ লোকৰ বাবে 10 টকা প্ৰৱেশ মূল্য ধাৰ্য কৰা হৈছে ৷ লগতে চিজন টিকটৰো ব্যৱস্থা কৰিছে উদ্যোক্তা সকলে ৷ প্ৰতিদিনেই গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত কৰা হ’ব সাহিত্য সম্পৰ্কীয় আলোচনা অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৷ যাৰ বাবে দুখনকৈ মঞ্চ নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক : অনাৱশ্যকীয়ভাৱে থকা PSO কৰ্তন কৰা হ’ব : ভাস্কৰ জ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.