ETV Bharat / city

ED summoned Rahul Gandhi : গুৱাহাটীত প্ৰতিবাদ কৰি আটক ভূপেন বৰাসহ কংগ্ৰেছ নেতৃত্ব - ৰাহুল গান্ধীক চমন জাৰি

বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ইডিৰ দ্বাৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চমন জাৰি (ED summoned Rahul Gandhi)কৰি তলৱ কৰাৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সোমবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (APCC protest in Guwahati)। কিন্তু প্ৰতিবাদকাৰীসকলক আদবাটতে বাধা দি আটক কৰে আৰক্ষীয়ে ।

ED summoned Rahul Gandhi
ED summoned Rahul Gandhi
author img

By

Published : Jun 13, 2022, 3:44 PM IST

Updated : Jun 13, 2022, 4:20 PM IST

গুৱাহাটী, 13 জুন : নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে চমন জাৰি কৰিছে (ED summoned Rahul Gandhi) ৷ এই ঘটনাক লৈ দেশজুৰি বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে কংগ্ৰেছ দলক ৷ অসমতো প্ৰতিবাদত নামি পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা সহিতে দলৰ নেতা-কৰ্মীসকল ৷

বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ইডিৰ দ্বাৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চমন জাৰি কৰি তলৱ কৰাৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সোমবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (APCC protest in Guwahati)। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে গুৱাহাটীৰ ইডিৰ কাৰ্যালয়লৈ সমদল উলিয়াই । কিন্তু প্ৰতিবাদকাৰীসকলক আদবাটতে বাধা দি আটক কৰে আৰক্ষীয়ে ।

এই কাৰ্যসূচীত অংশ লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গণতন্ত্ৰক ভৰিৰে মোহাৰিছে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম আৰক্ষীক গণতন্ত্ৰক ভৰিৰে মোহাৰিবলৈ অনুজ্ঞাপত্ৰ দিছে বুলি অভিযোগ কৰে শইকীয়াই ।

গুৱাহাটীত প্ৰতিবাদ কৰি আটক ভূপেন বৰাসহ কংগ্ৰেছ নেতৃত্ব

তেওঁ কয়, ‘‘ইডিৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াইছিলোঁ । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী বাহিনীয়ে ভঙাগড়ৰ উৰণীয়া সেতুৰ তলত আমাক প্ৰতিবাদত বাধা দি আটক কৰে’’ । এনফ'ৰ্চমেণ্ট ডাইৰেকটৰেটৰ কাৰ্যালয়ে মনে সজা গোচৰত কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক দিল্লীৰ ইডিৰ কাৰ্যালয়লৈ সোমবাৰে তলব কৰিছে বুলি উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ।

তেওঁ লগতে কয় যে, আচলতে কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত কোনো গোচৰেই নাই । 2015 চনতে কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত এটা গোচৰ ৰুজু হৈছিল । পৰৱৰ্তী সময়ত আদালতে এই গোচৰ খাৰিজ কৰিছে । ইয়াৰ বিৰুদ্ধে সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আন্দোলন কৰে ।

দেৱব্ৰত শইকীয়াই কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসন কালত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে’’। কাৰ্যসূচীত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে, বিজেপি চৰকাৰে ইডি আৰু চিবিআইক ৰাজনৈতিক লিপ্সা পূৰণ কৰাৰ বাবে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে । তেওঁ কয়, 'আমি বিজেপিক ভয় নকৰো । বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব’’ ৷

লগতে পঢ়ক : "মই সাভাৰকাৰ নহয়, মই ৰাহুল গান্ধী": ED কাৰ্যালয়ত উপস্থিত ৰাহুল গান্ধী

Last Updated : Jun 13, 2022, 4:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.