ETV Bharat / city

ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ - সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(APCC president Bhupen Kumar Bora) আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি(All India Youth Congress President Srinivas BV)ৰ উপস্থিতিত সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে অংকিতা দত্তই । ৰাতুল পাটোৱাৰীয়ে কাৰ্যকৰী সভাপতি আৰু পৰিতোষ ৰয়ে উপ-সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ।

ankita-dutta-took-oath-as-assam-youth-congress-president
ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ
author img

By

Published : Dec 2, 2021, 10:44 PM IST

গুৱাহাটী, ২ ডিচেম্বৰ : গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ নৱ-নিযুক্ত সভানেত্ৰী ড৹ অংকিতা দত্ত(Ankita Dutta took oath as Assam Youth congress President), কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে "জাগ ডেকা তেজ জাগ" শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে দায়িত্বভাৰ গ্ৰহণ কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা

এই উপলক্ষে ৰাজীৱ ভৱন চৌহদত অনুষ্ঠিত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(State Congress president Bhupen Kumar Bora)ই কয় যে দেশৰ এই সন্ধিক্ষণত যুৱ প্ৰজন্মই সাহেসেৰে নেতৃত্ব দি দেশৰ মৌলিক সামাজিক চৰিত্ৰ সলনি কৰিব বিচৰাসমূহ সাম্প্ৰদায়িক আৰু ধৰ্মান্ধ শক্তিক প্ৰতিহত কৰিব লাগিব । দেশৰ এই নতুন সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামত তেওঁ সদায় যুৱ শক্তিৰ সৈতে একাত্ম হৈ থাকিব বুলি উল্লেখ কৰে ।

ankita-dutta-took-oath-as-assam-youth-congress-president
যুৱ কংগ্ৰেছৰ নতুন সভানেত্ৰী ড৹ অংকিতা দত্ত

যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিৱাস বি ভিয়ে কয় যে অসমত প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুনকৈ দায়িত্বপ্ৰাপ্ত নেতৃবৰ্গই অসমৰ যুৱ সমাজৰ কাষ চাপি এনেদৰে কাৰ্যনিৰ্বাহ কৰিব লাগিব যাতে আগন্তুক প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ দলে সফলতা অৰ্জন কৰিব পাৰে । তেওঁ লগতে কয় যে অসম আজি এখন দুৰ্নীতিগ্ৰস্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে । অসমত অসৎ পদ্ধতিৰে সংগৃহীত ধনৰ ভাগ বহুকেন্দ্ৰীয় নেতৃত্বয়ো লাভ কৰি আছে ।

আনহাতে নৱনিযুক্ত সভানেত্ৰী অংকিতা দত্তই কয় যে তেওঁৰ পিতৃ প্ৰয়াত অঞ্জন দত্তই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আলফাৰ দৰে সংগঠনৰ সৈতে মুখামুখি হৈ কংগ্ৰেছ দলৰ ৰাজনীতিক অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । সভাত উপস্থিত বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ৰেকিবুদ্দিন আহমেদ, যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়েও বক্তব্য আগবঢ়ায় ।

এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি, সম্পাদক অজয় শিকাৰা, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুল বাটিন খণ্ডকাৰ, ডাঃ আছিফ নজৰ, প্ৰীতম কৰ্মকাৰ, চৰিফা ৰহমান, কৃষ্ণা দাস, প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হ’ল অংকিতা দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.