ETV Bharat / city

অসমত ডাবল মিউটেণ্ট ক'ভিডৰ আতংক : কি কয় চিকিৎসকে ? - ইউ কে ভেৰিয়েণ্ট

ইউ কে ভেৰিয়েণ্টৰ পাছত এইবাৰ অসমত ডাবল মিউটেণ্ট ক'ভিডৰ আতংক ৷ বহিঃৰাজ্যৰ পৰা ডিব্ৰুগড়লৈ অহা চাৰি বিমান যাত্ৰীৰ দেহত ভয়ংকৰ ভাইৰাছ ধৰা পৰিছে ৷ বিশেষজ্ঞসকলে দাবী কৰা মতে, ক'ভিড-১৯ ৰ অন্য প্ৰজাতিৰ তুলনাত ডাবল মিউটেণ্ট অধিক প্ৰাণঘাতী ।

অসমত ডাবল মিউটেণ্ট ক'ভিডৰ আতংক
অসমত ডাবল মিউটেণ্ট ক'ভিডৰ আতংক
author img

By

Published : Apr 23, 2021, 2:25 PM IST

গুৱাহাটী, ২৩ এপ্ৰিল : ইউ কে ভেৰিয়েণ্টৰ পাছত এইবাৰ অসমত ডাবল মিউটেণ্ট ক'ভিডৰ আতংকই বিৰাজ কৰিছে ৷ শেহতীয়াকৈ ডিব্ৰুগড়ত ধৰা পৰিছে ইণ্ডিয়ান ডাবল মিউটেণ্ট ক'ভিডত আক্ৰান্ত ৰোগী । বহিঃৰাজ্যৰ পৰা ডিব্ৰুগড়লৈ অহা চাৰি বিমান যাত্ৰীৰ দেহত ভয়ংকৰ ভাইৰাছ ধৰা পৰিছে । তথ্য মতে, এইবিধ ভাইৰাছ অতি সোনকালে সংক্ৰমিত হয় আৰু ই অত্যন্ত ভয়াৱহ ।

ক'ভিড-১৯ ৰ 'ডাবল মিউটেণ্ট' (B.1.617) মাৰাত্মক ভাইৰাছ বিধ দুই প্ৰজাতিৰ মিশ্ৰণ । L452R আৰু E484Q মিশ্ৰণেৰে ঘটি উদ্ভৱ ঘটিছে তৃতীয়বিধৰ । ডাবল মিউটেণ্ট হাঁওফাঁওলৈ প্ৰত্যক্ষভাৱে সংক্ৰমিত হৈ মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত বাধা জন্মায় ।

অসমত ডাবল মিউটেণ্ট ক'ভিডৰ আতংক

বিশেষজ্ঞসকলে দাবী কৰা মতে, ক'ভিড-১৯ ৰ অন্য প্ৰজাতিৰ তুলনাত ডাবল মিউটেণ্ট অধিক প্ৰাণঘাতী । ইউ কে আৰু কেলিফৰ্নিয়াৰ ক'ভিড ষ্ট্ৰেইন লগ লাগি ভাৰতত এইবিধ নতুন ভাইৰাছৰ জন্ম হৈছে । মহাৰাষ্ট্ৰত জন্ম লাভ কৰা এইবিধ ভাইৰাছ পৰৱৰ্তী পৰ্যায়ত মহাৰাষ্ট্ৰৰ পৰা বিভিন্ন ঠাইলৈ সিঁচৰিত হয় । অসমত ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতে ডাবল মিউটেণ্ট ক'ভিডক লৈ আন এক আতংকৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা বিশেষজ্ঞ চিকিৎসক ডাঃ ডাবু পাটোৱাৰীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত ডাঃ পাটোৱাৰীয়ে ক'ভিড-19 ৰ নতুন প্ৰজাতিৰ বিষয়ে উল্লেখ কৰাৰ লগতে ৰাইজক সজাগ-সচেতন হোৱাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু মৰিগাঁও প্ৰসাশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.