ETV Bharat / city

পদমৰ্যদাৰ অপব্যৱহাৰ কৰিছে নেকি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ?

author img

By

Published : Dec 26, 2021, 10:22 PM IST

উপায়ুক্তৰ হিচাপে কামৰূপ মহানগৰ জিলাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই বিতৰ্কত সাঙোৰ খাই পৰিছে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা। উপায়ুক্ত পল্লৱ গোপাল ঝাই নিজৰ পদমৰ্যদাৰ অপব্যৱহাৰ কৰি নিজৰ ঘৰতে শহুৰৰ চিকিৎসা কৰাৰ নামত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকে ধৰি নাৰ্চ আৰু MPW ক ব্যক্তিগত কৰ্মচাৰীৰ দৰে ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে (Allegation of Misuse of power against Pallav Jha) ৷ সবিশেষ জানো আহক ৷

misuse-of-power-allegation-against-dc-kamrup-metro-pallav-jha
পদমৰ্য্যদাৰ অপব্যৱহাৰ কৰিছে নেকি মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ?

গুৱাহাটী, 26 ডিচেম্বৰ : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰাৰ বেছিদিন নৌহোওতেই বিতৰ্কত সোমাই পৰিছে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা। শেহতীয়াভাৱে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নিজৰ পদমৰ্য্যদাৰ অপব্যৱহাৰ কৰি নিজৰ ঘৰত শহুৰৰ চিকিৎসা কৰাৰ নামত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসকে ধৰি নাৰ্চ আৰু MPW ক ব্যক্তিগত কৰ্মচাৰীৰ দৰে ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে (Allegation of Misuse of power against Pallav Jha) ৷

উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ শহুৰ সঞ্জীৱ ভূঞাক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভৰ্তি কৰিবলগীয়া হৈছিল । কিন্তু অভিযোগ অনুসৰি, মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ শহুৰ সঞ্জীৱ ভূঞাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত থাকিব নিবিচৰাত উপায়ুক্ত পল্লৱ গোপাল ঝাই নিজৰ পদমৰ্য্যদাৰ অপব্যৱহাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তৃপক্ষক হেঁচা দি তেওঁৰ গুৱাহাটীৰ বাসগৃহত আই চি ইউ নিৰ্মাণ কৰি লৈছে ।

পল্লৱ গোপাল ঝাই শহুৰেকৰ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ Internal medicine ICU specialist doctor ডাঃ নৱ ডেকাক দৈনিক চিকিৎসাৰ বাবে নিয়োগ কৰিছে । লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চাৰিগৰাকী নাৰ্চ আৰু দুজন MPW ক 24 ঘন্টাৰ বাবে নিয়োগ কৰা হৈছে (DC used government hospital facility in home) ।

উল্লেখ্য যে, পল্লৱ গোপাল ঝাৰ পত্নীয়ে চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চাৰিগৰাকী নাৰ্চ আৰু MPW দুজনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । আনকি ঔষধ বজাৰৰ পৰা অনাৰ ক্ষেত্ৰত এই MPW দুজনক পল্লৱ গোপাল ঝাৰ পত্নীয়ে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে । যাৰ বাবে ডাঃ নৱ ডেকাৰ লগতে নাৰ্চ আৰু MPW কেইজন এক প্ৰকাৰ অতিস্থ হৈ পৰিছে (Misbehave of GMCH employee in DC's home) ।

ইয়াকে লৈ সমগ্ৰ স্বাস্থ্য বিভাগত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকক হাস্পতালত কৰ্তব্যৰ সময়ত বাহিৰত কোনো চিকিৎসাৰ কামৰ বাবে ওলাই আহিব নোৱাৰিব বুলি সৰ্তক কৰি দিছে । তেনে সময়তে স্বয়ং মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই মুখ্যমন্ত্ৰীৰ সৰ্তক বাণীক বৃদ্ধাংগুষ্ঠ দেখুৱাই ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ বাসগৃহতে আই চি ইউ বনাই জিএমচিএইচৰ চিকিৎসক আৰু নাৰ্চ লগাই ঘৰতে নিজৰ শহুৰৰ চিকিৎসা কৰি থকাৰ বিষয়টোক লৈ চৰ্চা হৈছে সচেতন মহলত ৷

লগতে পঢ়ক : আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক সুবোধ বিশ্বাসৰে তুলনা শংকৰজ্যোতি বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.