ETV Bharat / city

পৌৰ নিগমৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজনৈতিক দল - Preparations for GMC election 2022

আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক বিৰোধী ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে (All political parties gear up for GMC election 2022) । এইবাৰ গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ড কাৰ দখললৈ আহিব তাক লৈও আৰম্ভ হৈছে চিন্তা-চৰ্চা । ইতিমধ্যে প্ৰায়কেইটা দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৷

political-parties-starting-to-make-strategies-for-gmc-election-2022
পৌৰ নিগমৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজনৈতিক দল
author img

By

Published : Mar 29, 2022, 7:07 PM IST

গুৱাহাটী, 29 মাৰ্চ : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ (All political parties gear up for GMC election 2022) ৷ ইফালে ৰাজধানী গুৱাহাটী মহানগৰী এশ এবুৰি সমস্যাৰে জৰ্জৰিত । খোৱা পানী, ৰাস্তাঘাট, ষ্ট্ৰীট লাইট , নলা নৰ্দমাকে আদি কৰি ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । নিৰ্বাচনৰ সময়ত প্ৰত্যেকবাৰেই প্ৰতিটো ৰাজনৈতিক দলে মহানগৰবাসীক প্ৰতিশ্ৰুতি দি আহিছে যদিও নিৰ্বাচন যোৱাৰ পিছতে মহানগৰবাসীৰ সমস্যা জনপ্ৰতিনিধি সকলে পাহৰি যায় ।

2013 চনত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ কাৰ্যকাল উকলি যোৱাৰ পিছত 4 বছৰৰ অন্তত পুনৰ চলিত বৰ্ষৰ 19 এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বচনক কেন্দ্ৰ কৰি শাসক বিৰোধী ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে । এইবাৰ গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ড কাৰ দখললৈ আহিব তাক লৈও আৰম্ভ হৈছে চিন্তা-চৰ্চা (Preparations for GMC election 2022) ।

ইতিমধ্যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে । শাসকীয় দল বিজেপিয়ে গুৱাহাটী পৌৰ নিগমৰ 53 টা ৱাৰ্ডত প্ৰাৰ্থীত্ব আগবঢ়াব । সোমবাৰে নিশা শাসকীয় বিজেপি দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে (BJP declares candidate list for GMC elections) ৷ যদিও এই পৰ্যন্ত 52 টা ৱাৰ্ডৰহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

বাকী 7 টা ৱাৰ্ডত বিজেপিৰ মিত্ৰদল অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ পিছে বৰ্তমানলৈ অগপই 5 গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৷ আনহাতে বিৰোধী দল কংগ্ৰেছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া 60 টা ৱাৰ্ডৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে (Congress announces list of candidates for GMC election) । মংগলবাৰে কেইবাগৰাকী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

ইপিনে, ৰাজ্যৰ পৌৰ সভাৰ নিৰ্বাচনত আম আদমি পাৰ্টীয়ে 2 খনকৈ আসন লাভ কৰাৰ পিছত এইবাৰ গুৱাহাটী পৌৰ নিগমতো প্ৰতিদ্বন্দিতা আগবঢ়াবৰ বাবে সাজু হৈছে আপ । গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ডতে প্ৰাৰ্থীত্ব আগবঢ়াব আপই । ইতিমধ্যে ৩৭ টাকৈ ৱাৰ্ডত এইপৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে (AAP announces list of candidates for GMC election) । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰ অৱৰ্তীণ হৈছে আপ ।

লগতে পঢ়ক : Assam Meghalaya border dispute : গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত উচ্চস্তৰীয় বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.