গুৱাহাটী, 11 ছেপ্তেম্বৰ : চলিত মাহৰ ১৩ ছেপ্তেম্বৰ তাৰিখে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ৰাজ্যৰ প্ৰতিটো শিক্ষাখণ্ডতে ধৰ্ণা কাৰ্য্সূচী ৰূপায়ন কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু এই ধৰ্ণা কাৰ্য্সূচীৰ বিৰোধিতা কৰি সদৌ অসম টেট শিক্ষক যৌথ মঞ্চই কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ শিক্ষক সমাজক আহ্বান জনাইছে ৷ যিহেতু চৰকাৰে ঠিকাভিত্তিক টেট শিক্ষক সকলক personal post creation কৰি চাকৰি নিয়মীয়া কৰণ, state pool শিক্ষকসকলক scale pay আৰু চাকৰি কাৰ্যকাল ষাঠি বছৰ কৰাৰ লগতে শিক্ষক সকলক সকলো ধৰণৰ সুবিধা প্ৰদানৰ আশ্বাস প্ৰদান কৰা হৈছিল ৷
সেয়েহে, যৌথ মঞ্চই ধৰ্ণা, বন্ধৰ দৰে কাৰ্যসূচীৰ পৰা আঁতৰি আহি আলোচনা প্ৰক্ৰিয়াৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰিব লাগে বুলি মন্তব্য কৰে ৷ সেই উদ্দেশ্যেই দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম টেট শিক্ষক যৌথ মঞ্চই এখন সংবাদমেলৰ আয়োজন কৰে ৷ চৰকাৰৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ অনুৰোধ জনাই যৌথ মঞ্চৰ মুখপাত্ৰ বিচিত্ৰ কুমাৰ নাথে ৷