ETV Bharat / city

ক'ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰাক জি এম চি এইচত ভৰ্তি

author img

By

Published : Aug 8, 2021, 4:36 PM IST

ক'ভিডত আক্ৰান্ত কৃষি মন্ত্ৰী অতুল বৰা (Agriculture Minister Atul Bora) ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে মন্ত্ৰীগৰাকীক ।

Agriculture Minister Atul Bora Covid-19 Positive
মন্ত্ৰী অতুল বৰা ক'ভিডত আক্ৰান্তঃ জি এম চি এইচত ভৰ্তি

গুৱাহাটী, ৮ আগষ্ট : এইবাৰ ক'ভিডত আক্ৰান্ত কৃষি মন্ত্ৰী অতুল বৰা । শনিবাৰে মন্ত্ৰী গৰাকীৰ ক'ভিড পৰীক্ষা কৰা হৈছিল ৷ দেওবাৰে ফলাফল প'জিটিভ আহে ৷ চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হয় ।

অৱশ্যে দেওবাৰৰ বিয়লি পৰ্যন্ত তেওঁৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থিৰ আৰু শৰীৰত অক্সিজেনৰ মাত্ৰাও ঠিকে আছে বুলি জানিব পৰা গৈছে । আনহাতে, মন্ত্ৰী গৰাকীৰ সৈতে নিৰন্তৰ ব্যস্ত হৈ থকা নিৰাপত্তা বাহিনীৰ লোক সকলৰো শনিবাৰে ক'ভিড পৰীক্ষা কৰা হৈছিল যদিও সকলোৰে ফলাফল নিগেটিভ আহে ।

মনকৰিবলগীয়া যে, যি সময়ত ১৫ আগষ্টৰ পৰা সান্ধ্য আইনকে ধৰি বৰ্তমানে বাহাল থকা ক'ভিড প্ৰট'কল সমূহ শিথিল কৰিবলৈ চৰকাৰ আগবাঢ়িছে, আনকি বন্ধ হৈ থকা আন্তঃজিলা যাতায়তো খুলি দিয়াৰ চিন্তা কৰিছে চৰকাৰে, তেনে সময়তে কিন্তু ৰাজধানী গুৱাহাটীত ক'ভিড সংক্ৰমণৰ‌ হাৰ আশাব্যঞ্জকভাৱে নিম্নগামী হোৱা নাই ।

লগতে পঢ়ক- এছ আই কেলেংকাৰীৰ পাচত এইবাৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলিছে ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.