গুৱাহাটী, 3 এপ্ৰিল:বুধবাৰে মহানগৰীৰ ধাৰাপুৰৰ 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ এক দলীয় কৰ্মী সভা অনুষ্ঠিত হয় ৷ এই সভাত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকি মন্তব্য কৰে যে, 10 টা বিধানসভা সমষ্টিৰ ভিতৰতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে সৰ্বাধিক ভোট লাভ কৰিব ৷ তেওঁ লগতে দাবী কৰা যে, মিত্ৰজোঁটে এইবাৰলাভ কৰিব 12 খনকৈ আসন ৷ বৰপেটাত কুমাৰ দীপক দাসৰ বিজয় নিশ্চিত বুলিও জনায় অগপ বিধায়কগৰাকীয়ে ৷
ইয়াৰ মাজতে, এ আই ইউ ডি এফৰে কংগ্ৰেছৰ গোপন মিত্ৰতাৰ কথা এতিয়া আৰু লুকাই থকা নাই বুলি এক গুৰুত্বপূৰ্ণমন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । আনহাতে ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীকো যোৱাবাৰৰ তুলনাত এইবাৰ অধিক ভোটৰ ব্যৱধানত জয়ী কৰাব লাগিব বুলি মন্তব্য কৰে ।